গোলাঘাট

বোকাখাতত নিৰ্বাচনী সজাগতা অভিযান: পেৰা-চাইক্লিষ্ট ৰাকেশ বণিকৰ নেতৃত্বত চাইকেল ৰেলী

Asomiya Pratidin

ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাত নিৰ্বাচনী জিলাৰ প্ৰণালীবদ্ধ ভোটাৰৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ কোষৰ উদ্যোগত সোমবাৰে পুৱা এক চাইকেল ৰেলীৰ আয়োজন কৰা হয়। বোকাখাত মকুমাধিপতি কাৰ্য্যালয়ৰ পৰা পুৱা আৰম্ভ হোৱা এই চাইকেল ৰেলী বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সামৰণি পৰে। চাইকেল ৰেলীত অংশগ্ৰহণ কৰে নিৰ্বাচন আয়োগৰ ৰাজ্যিক আইকন পেৰা-চাইক্লিষ্ট ৰাকেশ বণিকে।

বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি জ্যেষ্ঠ নাগৰিক ভৱানন্দ কলিতাই ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে এই চাইকেল ৰেলীৰ। পৰৱৰ্তী সময়ত ১৯ এপ্ৰিলত অনুষ্ঠিত হ'ব লগা লোকসভা নিৰ্বাচনত ভোটদান যাতে অধিক পৰিমাণে সম্পন্ন হয় আৰু যুৱ ভোটাৰসকলৰ অংশগ্ৰহণক উৎসাহিত কৰাৰ লক্ষ্যৰে বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত এক সজাগতা কাৰ্যসূচীও আয়োজন কৰা হয়।

সজাগতা কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নিৰ্বাচন আয়োগৰ ৰাজ্যিক আইকন পেৰা-চাইক্লিষ্ট ৰাকেশ বণিকে সকলোকে ধন আৰু সামগ্ৰী আদিৰ প্ৰলোভনত নপৰাকৈ নিজ বিবেকেৰে ভোট দিবলৈ আহ্বান জনায়। বোকাখাতৰ জিলা নিৰ্বাচনী বিষয়া চিমী কৰণে সকলো ভোটাৰক ১৯ এপ্ৰিল তাৰিখে ভোটকেন্দ্ৰত উপস্থিত হৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি দেশৰ গণতান্ত্ৰিক নীতি-নিয়ম শক্তিশালী কৰিবলৈ অনুৰোধ জনায়।

ভাৰতীয় নিৰ্বাচন আয়োগে নিৰ্বাচনত স্বচ্ছতা আৰু দায়বদ্ধতা বৃদ্ধি কৰিবলৈ একাধিক ম'বাইল এপ আৰু ৱেবছাইট মুকলি কৰিছে। এই ম'বাইল এপ আৰু ৱেবছাইটসমূহক কিদৰে ব্যৱহাৰ কৰিব পাৰি তাৰ বিষয়ে অনুষ্ঠানত বহলাই বাখ্যা কৰে যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যাল‍য়ৰ সহকাৰী অধ্যাপক শশাংক ধৱল শইকীয়াই । আজিৰ সজাগতা কাৰ্যসূচী অনুষ্ঠানৰ  আদৰণি ভাষণ প্রদান কৰে বোকাখাতৰ নিৰ্বাচনী বিষয়া পৰিস্মিতা দিহিঙ্গীয়াই ।