পুখুৰীত উপঙি থকা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ... 
গোলাঘাট

পুখুৰীত উপঙি থকা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ মেৰাপানীঃ মেৰাপানী সীমান্তৰ দয়ালপুৰত মৃতদেহ উদ্ধাৰ। নাগালেণ্ডত শ্ৰমিক হিচাপে কৰ্মৰত ব্যক্তিজনে শনিবাৰে সতীৰ্থ শ্ৰমিকৰ সৈতে মেৰাপানী সীমান্তত থকা ভগ্নীৰ গৃহলৈ বুলি আহিছিল।

নিশা লগৰ শ্ৰমিকৰ সৈতে দয়ালপুৰত ভাত-পানী খাই ভনীয়েকৰ ঘৰলৈ বুলি ঘূৰি আহে যদিও দেওবাৰে পুৱা এটা পুখুৰীত উপঙি থকা অৱস্থাত যুৱকজনৰ মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে। নিহত ব্যক্তিজনৰ নাম দেৱান বসুমতাৰী বুলি জানিব পৰাৰ লগতে তেওঁৰ ঘৰ সৰুপথাৰৰ টেঙানী বৰচাপৰিত বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।

যুৱকজনৰ মৃত্যুৰ সন্দৰ্ভত কোনো লোকে হত্যা কৰি পেলাই দিলে নে আন কাৰণত মৃত্যু ঘটিছে সেইয়া আৰক্ষীৰ তদন্তৰ পাছতহে জানিব পৰা যাব। ইতিমধ্যই ঘটনাস্থলীত চি আৰ পি এফৰ লগতে মেৰাপানী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।