গোলাঘাট

বিধ্বস্ত পথত ক্ষোভিত ৰাইজে খোজকঢ়ালে বিধায়কক

Asomiya Pratidin

ডিজিটেল সংবাদ, দেৰগাঁওঃ গোলাঘাট জিলাৰ দেৰগাঁও বিধানসভা সমষ্টিৰ শীতল পথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ নিচেই কাষৰ শীতল পথাৰ তিনিআলিৰ পৰা শীতল পথাৰ উচ্চ মাধ্যমিক বিদ্যালয় হৈ কাকডোঙা উন্নয়ন খণ্ডৰ সংযোগী পথটো দীৰ্ঘদিন ধৰি বিধ্বস্ত হৈ ৰাইজক যমৰ-যাতনা দি আহিছিল । পিছে ৰাইজৰ বাৰম্বাৰ আবেদন-নিবেদন তথা অনুৰোধক গুৰুত্ব দিয়া নাছিল স্থানীয় বিধায়ক ভৱেন ভড়ালীয়ে। বিগত সময়ত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ৰাইজে পথৰ সমস্যাৰ বিষয়টো অৱগত কৰাত তেখেতে তেতিয়া আৰু বৰ্তমানৰ বিধায়কৰগৰাকীক এই গুৰুত্বপূৰ্ণ পথটো পকীকৰণ কৰিবলৈ কৈছিল যদিও অতদিনে বিধায়কজনে বিষয়টো কোনো গুৰুত্ব দিয়া নাছিল।

পৰিণতিত ৰাইজে দৈনিক যাতায়তত অসুবিধাৰ সন্মুখীন হৈ আহিছিল। তদুপৰি এই পথৰ দুৰৱস্থা আৰু বিধায়কৰ অমনোযোগিতাৰ বিষয়ে বিভিন্ন সময়ত বাতৰি প্ৰকাশ পাই আহিছিল। উল্লেখ্য যে, চাহ জনগোষ্ঠীৰ এলেকা প্ৰধান এই পথটো মেৰামতিৰ অভাৱত ৰ'দত ধুলিময় আৰু বৃহৎ বৃহৎ গাঁত হৈ পৰাৰ লগতে অলপ বৰষুণতেই পথটোৰ গাঁতসমূহত প্ৰায় একাঁঠু পৰ্যন্ত বোকা পানীৰে উপচি পৰে, যাৰ ফলত পথটোৰে যাতায়ত প্ৰায় অসম্ভৱ হৈ পৰে।

সেয়ে ক্ষোভিত ৰাইজে বৃহস্পতিবাৰে সন্ধিয়া স্থানীয় বিধায়কগৰাকীয়ে কাকডোঙা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত পঞ্চায়ত প্ৰতিনিধিৰ সৈতে এক আলোচনাত মিলিত হৈ থকাৰ কথা জানিব পাৰি স্থানীয় শীতলপথাৰৰ শ শ লোকে গৈ কাৰ্যালয় ঘেৰাও কৰি বিধায়কগৰাকীক লগত লৈ বিধ্বস্ত পথটোত পদযাত্ৰ কৰিবলৈ বাধ্য কৰায়। ৰাইজৰ উত্তেজনা বৃদ্ধি পোৱাত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। উল্লেখ্য যে, দুটাকৈ কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱা অগপৰ এই বিধায়কগৰাকীৰ কাম-কাজক লৈ ৰাইজ সন্তুষ্ট নোহোৱাৰ বাবে এনে ঘটনা সংঘটিত হৈছে বুলি ৰাইজে অৱগত কৰিছে ।