গোলাঘাট

অসন্তুষ্ট বিজেপি নেতা-কৰ্মী ! গোলাঘাটত ৰাজেন গোহাঁইৰ নেতৃত্বত গোপন বৈঠক

বৈঠক সম্পৰ্কে জ্ঞাত নহয় ৰাজ্যিক সভাপতি ভবেশ কলিতা

Asomiya Pratidin

ডিজিটেল ডেস্ক : ৰাজ্যিক বিজেপিত যে অন্তঃ কলহ আৰম্ভ হৈছে তাক পুনৰবাৰ প্ৰমাণ কৰিলে দলৰে একাংশ জ্যেষ্ঠ নেতা-কৰ্মীয়ে। বিজেপিৰ আভ্যন্তৰত আৰম্ভ হৈছে বিসম্বাদৰ ! একাংশ ন-বিজেপি নেতা-কৰ্মীৰ আচৰণত ক্ষুদ্ধ দলটোৰ জ্যেষ্ঠ কৰ্মীসকল।

এই ক্ষোভৰ উদগীৰণৰ ফলস্বৰূপে শুকুৰবাৰে গোলাঘাটৰ প্ৰশান্তি ল'জত বিজেপিৰ অসন্তুষ্ট নেতা-কৰ্মী বৈঠকত মিলিত হয়। এই বৈঠকখনি জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহাইৰ নেতৃত্বত অনুষ্ঠিত হয়।

এই ৰুদ্ধদ্বাৰ বৈঠকখনিত কেতবোৰ আলোচনা কৰাৰ কথা জানিব পৰা গৈছে। ভালেকেইটা মূল ইচ্ছুকলৈ আলোচনা কৰা বুলি জানিব পৰা গ'লেও কি কি বিষয়কলৈ আলোচনা হৈছে সেই সম্পৰ্কে জানিব পৰা হোৱা নাই। এই বৈঠকত ৰাজেন গোঁহাইৰ উপৰি দলৰ কেইবাগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতা উপস্থিত থাকে ।

প্ৰায় ১ ঘণ্টা ধৰি অনুষ্ঠিত ৰুদ্ধদ্বাৰ বৈঠককলৈ ইতিমধ্যে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে। কিয়নো আজিৰ দিনটোতে বিজেপি দলক আনুষ্ঠানিকভাৱে বিদায় জনাইছে নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ নেতা অশোক শৰ্মাই। দলৰ সাম্প্ৰতিক স্থিতিত অসন্তুষ্ট হৈ দল ত্যাগ কৰে অশোক শৰ্মাই। শীৰ্ষ বিষয়া তথা ন-বিজেপিৰ প্ৰতি ক্ষোভ উজাৰি দল ত্যাগ কৰে অশোক শৰ্মাই।

সমান্তৰালকৈ ৰাজেন গোঁহাইৰ নেতৃত্বত তথা উজনি অসমৰ জিলা কেইখনৰ শীৰ্ষ বিজেপি নেতৃত্বৰে হোৱা বৈঠকে বেচ চৰ্চা লাভ কৰিছে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ১ আগষ্ট বৃহস্পতিবাৰে তিনিচুকীয়াৰ হোটেল হিল্টন ব্লুৰ এটা বন্ধ কক্ষত সমবেত হৈছিল বিজেপিৰ ৫০ৰো অধিক নেতা।

উক্ত বৈঠকত অংশ লৈছিল উজনি অসমৰ ৮জিলাৰ বিজেপিৰ শীৰ্ষ নেতৃত্ব। প্ৰাক্তন মন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজেন গোহাঁইৰ নেতৃত্বতে অনুষ্ঠিত হৈছিল বৈঠকখন। ইয়াৰ এদিন পাছতে গোলাঘাটত একেজন নেতাৰ নেতৃত্বত হোৱা বৈঠকে ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে।

অৱশ্যে এই বৈঠককলৈ চিন্তিত নহয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা অথবা সভাপতি ভৱেশ কলিতা। ৰাজেন গোহাঁইৰ বৈঠক সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে কোনে কি বৈঠক কৰিছে আৰু কোন কোন দললৈ গৈছে সেইটো ডাঙৰ কথা নহয়। কিন্তু সকলোৱে হিন্দু হৈ থাকিলে হ’ল।

ইফালে ভৱেশ কলিতাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় - ৰাজেন গোঁহাই সঁচাই যদি দলক ভালপাই তেন্তে তেঁও মাৰ্গদৰ্শক হৈ থাকিব লাগে। যদি তেঁও ভাৰতীয় সভ্যতা-সংস্কৃতি আগুৱাই নিব বিচাৰে তেন্তে তেঁও আমাক উপদেশ দি থাকিব লাগে। অৱশ্যে ৰাজেন গোঁহাইৰ বৈঠক সন্দৰ্ভত জ্ঞাত নহয় বুলি সভাপতি কলিতাই মন্তব্য কৰে।