গোলাঘাট

দৈগ্ৰোঙত নিচাযুক্ত সামগ্ৰী জব্দঃ ৩ জনক আটক

Asomiya Pratidin

ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাট, নুমলীগড় আৰু কাৰ্বি আংলঙৰ আৰক্ষীৰ যুটীয়া অভিযানত বৃহৎ সফলতা। আৰক্ষীয়ে নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৈগ্ৰোঙত খেদি খেদি আটক কৰে ৩ ড্ৰাগছ সৰবৰাহকাৰীক।

সৰবৰাহকাৰী কেইজন ক্ৰমে দিলৱাৰা হুছেইন, আলিমুদ্দিন বৰভূঞা, আলটাব হুছেইন। আৰক্ষীয়ে সৰবৰাহকাৰীৰ পৰা ৭০ পেকেট হেৰ'ইন (৮৫০.৩৯ গ্ৰাম) সহ AS01 BZ0675 নম্বৰৰ এখন ক্ৰেটা বাহন জব্দ কৰে। তথ্য অনুসৰি ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় ৫ কোটি টকা। গোলাঘাট আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত চলিছিল এই অভিযান।