গোলাঘাট

ধনশিৰিত ডাম্পাৰৰ দৌৰাত্ম্য : ইকৰাণিত আহত দুজন

Asomiya Pratidin

ডিজিটেল সংবাদ, উৰিয়ামঘাট : ধনশিৰি মহকুমাৰ ৰেংমাই গাঁৱত বুধবাৰে আবেলি সংঘটিত পথ দুৰ্ঘটনাত দুজন লোক গুৰুতৰভাৱে আহত হোৱাৰ বাতৰি পোৱা গৈছে। জানিব পৰা মতে সৰুপথাৰ নগৰৰ পৰা ভাড়া লৈ গৈ থকা এখন নম্বৰ বিহীন এপে গাড়ীক সৰুপথাৰ অভিমুখী এখন ডাম্পাৰে উক্ত স্থানত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

ঘটনাটোত এপে গাড়ীখনৰ প্ৰচুৰ পৰিমাণে ক্ষতি হোৱাৰ লগতে গাড়ীখনত থকা ২নং ৰজাপুখুৰী অঞ্চলৰ বজালবাৰীৰ কাদিৰ হুছেইন আৰু তেওঁৰ পুত্ৰ ইক্ৰামুল হুছেইন আঘাতপ্ৰাপ্ত হয়। ইফালে এপে গাড়ীখনৰ চালক অকণ আলি গাড়ীখনৰ পৰা ওলাই পথৰ কাষৰ খালত ছিটিকি পৰে।

অকণ আলিৰ আঘাত বিশেষ গুৰুতৰ নহয় যদিও আঘাতপ্ৰাপ্ত দুয়ো পিতা-পুত্ৰক এম্বুলেন্সযোগে সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। এপে গাড়ীৰ চালকজনে জনোৱা মতে ডাম্পাৰ গাড়ীখনে খুন্দা মাৰিয়েই সেই স্থানৰ পৰা পলায়ন কৰে।

ধনশিৰিত দিনক দিনে বৃদ্ধি পোৱা একাংশ ডাম্পাৰৰ দৌৰাত্ম্য শীঘ্ৰে ৰোধ কৰাৰ দৃঢ় পদক্ষেপ গ্ৰহণৰ সময় আহি পৰা বুলি স্থানীয় বিভিন্ন জনে মন্তব্য কৰাৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰিছে।