সেনাৰ প্ৰাক্তন জোৱানক নিচাযুক্ত দ্ৰৱ্যৰে অচেতন কৰি ডকাইতিঃ লুটি নিলে বাহনসহ নদগ ধন... 
গোলাঘাট

সেনাৰ প্ৰাক্তন জোৱানক নিচাযুক্ত দ্ৰৱ্যৰে অচেতন কৰি ডকাইতিঃ লুটি নিলে বাহনসহ নদগ ধন...

Asomiya Pratidin

ডিজিটেল সংবাদ গোলাঘাটঃ নিশা দুৰ্বৃত্তৰ দলে নিচাযুক্ত দ্ৰব্য খুৱাই এজন অৱসৰপ্ৰাপ্ত সেনা জোৱানৰ পৰা কাঢ়ি নিলে নগদ ধনসহ বাহন। এই ঘটনা সংঘটিত হৈছে গোলাঘাটত। জানিব পৰা মতে ভুক্তভোগী অমৃত কুমাৰ বাগলাৰী নামৰ অৱসৰপ্ৰাপ্ত সেনা জোৱানজনক দুৰ্বৃত্তৰ দলটোৱে নামবৰ হাবিত পেলাই থৈ যায়।

ভুক্তভোগী অমৃত কুমাপ বাগলাৰীয়ে জনোৱা অনুসৰি ব্যক্তিগত কাৰণত শনিবাৰে নিশা তেওঁ লাহৰীঘাটৰ পৰা টীয়কলৈ আহি থকা অৱস্থাত হঠাৎ দেৰগাঁওৰ পৰা ঘূৰি যাবলগীয়া হোৱাত বাগৰিত ৰৈ সুৰাৰ বটল ক্ৰয় কৰিছিল। তাৰ পিছৰ পৰা কেনেকৈ তেওঁ অচেতন হ’ল সেইয়া তেওঁ একো নাজানে। চেতনা ঘূৰাই পোৱাত তেওঁ নিজকে নামবৰ বনাঞ্চলত আৱিষ্কাৰ কৰি আচৰিত হৈ পৰে।

নামবৰ বনাঞ্চলৰ পৰা কোনোমতে ওলাই আহি তেওঁ স্থানীয় লোকসকলক বিষয়টো অৱগত কৰে। তেওঁৰ লগত থকা টকা-পইচা আৰু চেলেৰীঅ' গাড়ীখনো দুৰ্বৃত্তই লৈ যায় বুলিও তেওঁ জানিবলৈ দিয়ে।

অন্যহাতে লাহৰীঘাটৰ পৰা টীয়কলৈ আহি থকা অৱস্থাত জোৱানজন কেনেকৈ নামবৰ বনাঞ্চল পালেগৈ সেইয়াও এক ডাঙৰ ৰহস্য হৈ পৰিছে৷ মুঠতে এগৰাকী অৱসৰপ্ৰাপ্ত জোৱানক অচেতন কৰি ডকাইতে লুট পাত কৰা বিষয়টোৱে এতিয়া সকলোৰে মাজত এক আলোচ্য বিষয় হৈ পৰিছে।

ভুক্তভোগীক স্থানীয় লোকে উদ্ধাৰ কৰি গোলাঘাটৰ বগীজান আৰক্ষীক গতাই দিয়ে ৷ আৰক্ষীয়ে জোৱানজনক স্বাস্থ্য পৰীক্ষা কৰিবৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীৰ তদন্তৰ পিছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব ৷