গোলাঘাট

গোলাঘাটত জালনোট উদ্ধাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাট আৰক্ষীয়ে মঙলবাৰে গোপন সূত্ৰৰ পম খেদি চলোৱা এক অভিযানত জাল নোট উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আজি দিনৰ ভাগত দুটিমান শিশুৰ হাতত ৫০০ টকাৰ দুখন জালনোট উদ্ধাৰ হৈছিল তপন নগৰৰ এখন দোকানৰ পৰা।

তাৰ পাছত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত চলাই প্ৰথমে তপন নগৰ আৰু তাৰ পাছত বেঙেনাখোৱাৰ আমোলাপট্টিৰ এটা ভাৰাঘৰৰ পৰা উদ্ধাৰ কৰে ১১ লাখ ২০ হাজাৰ টকা মূল্যৰ জালনোট। অৰুণাভ হাজৰিকা নামৰ এজন যুৱকৰ কোঠাৰ পৰা উদ্ধাৰ নোটখিনি।

ইয়াৰ পাছতে অৰুণাভৰ স্বীকাৰোক্তি অনুসৰি গোলাঘাট নগৰৰ ধ্ৰুৱ নগৰৰ এটা বাসগৃহত এজন নাবালককো গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে ঘটনাৰ সৈতে জড়িত হৈ আছে এটা বৃহৎ গেং। মনকৰিবলগীয়া যে কেইবাজনো নাবালকক জড়িত কৰোৱা হৈছে গেংটোত।