অতুল বৰাৰ কৃষি বিভাগৰ কথাই সুকীয়াঃ পথাৰত নাই পানী, দুমাহে পেলাই ৰাখিছে সৌৰ শক্তি সামগ্ৰী.. 
গোলাঘাট

অতুল বৰাৰ কৃষি বিভাগৰ কথাই সুকীয়াঃ পথাৰত নাই পানী, দুমাহে পেলাই ৰাখিছে সৌৰ শক্তি সামগ্ৰী..

পথাৰত সৌৰ শক্তিৰ পানীযোগান সংযোগত হেমাহীৰ অভিযোগ বোকাখাতৰ কৃষকৰ

Asomiya Pratidin

ডিজিটেল সংবাদ বোকাখাতঃ খোদ কৃষিমন্ত্ৰীৰ গৃহ সমষ্টিতে কৃষি পথাৰত পানীৰ অভাৱত হাহাকাৰত কৰিবলগীয়া হৈছে কৃষকে। কৃষি বিভাগৰ প্ৰতিশ্ৰুতি অনুসৰি পথাৰত সময়মতে পাব লগীয়া পানীযোগানৰ পৰা বঞ্চিত হৈ এতিয়া মূৰে কপালে হাত দিব লগীয়া হৈছে কৃষকে।- এই অভিযোগ বোকাখাত কুৰুৱাবাহীৰ পৰঙনীয়া গাঁৱৰ আদৰ্শ খেতিয়ক পুতুল দত্তৰ।

বিগত এটা দশকজুৰি জৈৱিক পদ্ধতিৰে কৃষি কাৰ্য সম্পাদন কৰি কেৱল সাধাৰণ ৰাইজৰেই নহয় কৃষি বিভাগ আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো চৰকাৰী আৰু বেচৰকাৰী সংস্থাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা কৃষক বৰ্তমান ভুৱা প্ৰতিশ্ৰুতিৰ বলি হৈছে মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগৰ।

উল্লেখযোগ্য যে, ধান খেতিৰ ক্ষেত্ৰত সদায় থলুৱা বীজক অগ্ৰাধিকাৰ দি অহা এইজন কৃষকে বিগত ১০ বছৰ ধৰি কৃষি পথাৰত ধান আৰু মাছ সংলগ্ন খেতি কৰি মাছ আৰু ধান সমান্তৰালকৈ উৎপাদন কৰি আহিছে। যদিও কৃষি পথাৰত ধান আৰু মাছ সংলগ্ন খেতি কৰিব পৰাকৈ প্ৰয়োজনীয় পানীৰ অভাৱ অনুভৱ কৰি আহিছিল।

সেই মৰ্মে চৰকাৰৰ প্ৰধান মন্ত্ৰী কুসুম আঁচনিৰ আধিনত সৌৰ শক্তিৰ পানী যোগান ব্যৱস্থাৰ আবেদনৰ কৰি লাভ কৰিছিল সৌৰ শক্তিৰ ছখনকৈ প্লেট, কিন্তু উক্ত ছখনকৈ প্লেট লাভ ২ মাহ অতিক্ৰম কৰাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই বৰ্তমানলৈকে কৃষকজনৰ পথাৰত স্থাপন নকৰিলে উক্ত প্লেট সমূহ।

বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক উক্ত প্লেটসমূহ স্থাপন কৰি দিবলৈ অনুৰোধ কৰাৰ পাছতো কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে আদৰ্শ কৃষকজনে।

ফলত গেঁৰ ধৰা ধাননি পথাৰ শুকাই যোৱাৰ লগতে পথাৰৰ মাছো সমুলঞ্চে ধ্বংস হৈ বিস্তৰ ক্ষতিসাধন হৈছে কৃষকজনৰ। গতিকে এই ক্ষতিৰ ক্ষতিপুৰণ কোনো দিব বুলি প্ৰশ্ন কৰিছে দুৰ্ভগীয়া কৃষকজনে।