গোলাঘাট

গোলাঘাটত বিষাক্ত কাঠফুলা ভক্ষণ কৰি চিকিৎসাধীন পুৰুষ-মহিলাসহ শিশু

Asomiya Pratidin

ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাট জিলাৰ বৰজান অঞ্চলৰ চোতজানত অঘটন। মঙলবাৰে অঞ্চলটিৰ বিষাক্ত কাঠফুলা ভক্ষণ কৰি মহিলা তথা শিশুকে ধৰি ১৫ গৰাকী লোক বিষক্ৰিয়াৰ ফলত চিকিৎসাধীন হ'বলগীয়া হৈছে।

জানিব পৰা মতে, চোতালৰ পৰা বুটলি আনা কাঠফুলাৰ তৰকাৰী ৰান্ধি খোৱাৰ লগে লগে শিশু-বৃদ্ধসহ কেইবাগৰাকী লোক বিষক্ৰিয়াত আক্ৰান্ত হয়। ইয়াৰে একেটা পৰিয়ালৰ দুটাকৈ শিশুসহ পিতৃ-মাতৃ আছে।

আক্ৰান্তসকলক ততাতৈয়াকৈ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই। উল্লেখ যে, ৰুমিলা তাছা নামৰ ব্যক্তিগৰাকীয়ে নিজৰ ঘৰৰ চোতালতৰ পৰা কাঠফুলা বুটলি খোৱা দেখি ওচৰৰ কেইবাটাও পৰিয়ালেও একেদৰে কাঠফুলা সংগ্ৰহ কৰি খোৱাৰ লগে লগে সকলোৰে পেটবিষ, বমি আদি হ'বলৈ আৰম্ভ কৰে।

বিষক্ৰিয়া ইমানেই খৰতকীয়া এগৰাকী মাতৃৰ দুগ্ধ পান কৰা এটি কেচুৱাও আক্ৰান্ত হয়।আক্ৰান্তসকল হৈছে- চোলনা তাচা(৬০),ৰুমিলা তাচা(৪২),গোবিন্দ তাচা(২৮),সত্যান তাচা(৬০),চুকৰাম তাচা(১৭),ডলী তাচা(২৬) আৰু দুই শিশু ক্ৰমে অভিষেখ তাচা(৬) আৰু এটি ডেৰ বছৰীয়া শিশু।

ইফালে বিষাক্ত কাঠফুলাৰ সন্দৰ্ভত মঙলবাৰে গোলাঘাট জিলা যুটীয়া স্বাস্থ্য সেৱা বিভাগে এখনি সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত প্ৰকাশ কৰে যে, বিষাক্ত কাঠফুলা ভক্ষণ কৰি জিলাখনৰ বৰজান আৰু মেৰাপানী অঞ্চলৰ ১৬ গৰাকী লোক বৰ্তমানলৈকে আক্ৰান্ত হৈছে।

ইয়াৰে ১৫ জন চোটজান বাগিচা আৰু এজন মেৰাপানীৰ বাসিন্দা বুলি সংবাদ মেলত উল্লেখ কৰে। উল্লেখ্য যে,মেৰাপানী অঞ্চলৰ বালিগুৰিৰ এলেকাৰ একেটা পৰিয়ালৰ ৩ গৰাকী সদস্যৰ যোৱা এপ্ৰিল মাহত বনৰীয়া কাঠফুলা খাই মৃত্যুৰ মুখত পৰিছিল।

মৃত ব্যক্তিসকল আছিল প্ৰফুল্ল বৰ্মন (২৪),তৰালী বৰ্মন (২৩) আৰু তেওঁলোকৰ সন্তান হেমন্ত বৰ্মন (২)। অন্যহাতে একেটা মাহতে খুমটাই বাগানৰ বিক্ৰম কুমাৰৰো বিষাক্ত কাঠফুলা ভক্ষণ কৰাৰ ফলত মৃত্যু ঘটা বুলি সংবাদমেলত প্ৰকাশ কৰে।