গোলাঘাট

বোকাজানত বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দ...

Asomiya Pratidin
  • বোকাজান মহকুমাৰ ডিলাই আৰক্ষীৰ নাকা তালাচিত জব্দ হয় বৃহৎ পৰিমানৰ বিদেশী চিগাৰেট।

  • মণিপুৰৰ পৰা অহা UP 38 T 2354 নম্বৰৰ ট্ৰাকখনৰ গোপন কক্ষত লুকুৱাই সৰবৰাহৰ চেষ্টা চলাইছিল বিদেশী চিগাৰেটখিনি।

  • মণিপুৰৰ পৰা গুৱাহাটী নিয়াৰ পথত ডিলাইত আৰক্ষীয়ে ২৮কাৰ্টুন বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয় ।

  • জব্দকৃত চিগাৰেটখিনিৰ বজাৰ মূল্য অনুমানিক প্ৰায় ১০ লাখ বুলি জানিব পৰা গৈছে।

  • চিগাৰেট সহ গ্ৰেপ্তাৰ দুজন সৰবৰাহকাৰী ক্ৰমে মহম্মদ জাবেদ আৰু আনজন হ'ল স্বয়েব।

  • সৰবৰাহকাৰী দুজনৰ ঘৰ উত্তৰ প্ৰদেশত বুলি জানিব পৰা গৈছে।