গোলাঘাট

কাজিৰঙাত বিদেশী পৰ্যটকে দিলে চাইকেল চলোৱাৰ উপযোগিতাৰ বিৱৰণ

Asomiya Pratidin

ডিজিটেল সংবাদ,কাজিৰঙা : যান-বাহনৰ সলনি চাইকেল চলোৱাতো স্বাস্থ্য আৰু পৰিৱেশৰ সংৰক্ষণৰ ক্ষেত্ৰতো যে উপযোগী সেই কথা উৎসাহেৰে বিৱৰণ দিলে ৬৮ বছৰীয়া বিদেশী পৰ্যটক এগৰাকীয়ে ৷ প্ৰায় ৩মাহ ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তত ভ্ৰমণৰত পৰ্যটকগৰাকী ৫দিনৰ বাবে উপস্থিত হৈছেহি কাজিৰঙাত ৷

ইতিমধ্যে দুবাৰ জীপ ছাফাৰী কৰি বাকী সময়খিনি চাইকেল চলাই কাজিৰঙাৰ গ্ৰামাঞ্চলকে ধৰি বিভিন্ন স্থানসমূহৰ সৌন্দৰ্য উপভোগ কৰিছে বিদেশী পৰ্যটকগৰাকীয়ে।আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি আপ্লুত পৰ্যটকগৰাকীয়ে শ্ৰীলংকা আৰু আফ্ৰিকাৰ পৰ্যটনৰ লগত কাজিৰঙাক তুলনা কৰে ৷

উল্লেখযোগ্য যে বৰ্তমান বহুসংখ্যক বিদেশী পৰ্যটকৰ বাবে চাইকেল চলাই ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চল দৰ্শন কৰাটো হৈ পৰিছে আকৰ্ষণীয় ৷