গোলাঘাট

অসমৰ লোক বাদ্যৰ মোহত বিদেশী পৰ্যটক

Asomiya Pratidin

ডিজিটেল সংবাদ,কাজিৰঙা : বিদেশী পৰ্যটকৰ হাতত আদৰ পাইছে অসমৰ লোক বাদ্যই ৷ অসমৰ লোক বাদ্যত লহৰ তোলাৰ চেষ্টা কৰিছে একাংশ বিদেশী পৰ্যটকে ৷

কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানত অসমৰ লোক বাদ্যৰ পয়োভৰ দেখি অভিভূত হৈ পৰে ইজৰাইল আৰু জাপানী পৰ্যটক ৷ উল্লেখযোগ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ পাছত দেশী বিদেশী পৰ্যটকৰ সমাগম হৈছে কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত ৷

দুস্প্ৰাপ্য অৰ্কিডৰ মনোৰম দৃশ্য উপভোগ কৰাৰ লগতে উপভোগ কৰিছে আটোমটোকাৰীকৈ ৰখা অসমৰ জাতীয় সংস্কৃতিৰ মেটমৰা ভঁৰাল ৷ লোক বাদ্যসমূহ বজোৱাৰ চেষ্টা কৰিছে বিদেশী পৰ্যটকে ৷ লগতে আকৰ্ষণীয় দুই এক বাদ্য ক্ৰয় কৰিছে বিদেশী পৰ্যটকে ৷