গোলাঘাট

মন্ত্ৰী অতুল বৰাৰ সৈতে উৰুকাৰ ভোজ খাই নিলম্বিত গোলাঘাটৰ দুই আছু নেতাঃ তীব্ৰ প্ৰতিক্ৰিয়া

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি -সম্পাদক তথা বৰ্তমানৰ অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাৰ সৈতে আহাৰ গ্ৰহণ কৰাৰ পাছতেই নিলম্বন হৈছিল আছুৰ দুই নেতা। গোলাঘাট আছুৰ শ্বহীদ ভৱনত একেলগে উৰুকাৰ ভোজ-ভাত খোৱা সন্দৰ্ভত শুকুৰবাৰে আছুই গোলাঘাট আছুৰ সভাপতি আৰু সম্পাদকক নিলম্বন কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

জানিব পৰা মতে, আন বছৰ সমূহৰ দৰে এই বছৰো মাঘ বিহুৰ উৰুকাৰ দিনা দিনৰ ভাগত গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় শ্বহীদ ভৱনত এক প্ৰীতিভোজৰ আয়োজন কৰা হৈছিল । এই প্ৰীতিভোজত গোলাঘাট জিলাৰ বিভিন্ন স্থানৰ বিশিষ্ট ব্যক্তি, প্ৰাক্তন আছুৰ বিষয়ববীয়া সদস্য সকলৰ লগতে বহু শুভাকাঙ্খী আছুৰ নিমন্ত্ৰণ ক্ৰমে অংশগ্ৰহণ কৰিছিল। একেদৰে অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা আৰু বিধায়ক বিশ্বজিৎ ফুকনেও আছুৰ নিমন্ত্ৰণ ৰক্ষা কৰি উক্ত দিনা এই প্ৰীতিভোজত উপস্থিত আছিল।

এই ভোজ ভাত খোৱাৰ পাছতে মন্ত্ৰী অতুল বৰাক নিমন্ত্ৰণ কৰাক লৈ আছুৰ কেন্দ্ৰীয় নেতৃত্ব জিলা ছাত্ৰ সন্থাৰ ওপৰত খৰ্গগ্ৰস্থ হৈ পৰে আৰু এই প্ৰসংগত জিলা ছাত্ৰ সন্থাৰ নেতৃবৰ্গক কৈফিয়ত তলব কৰে । জিলা ছাত্ৰ সন্থাৰ সভাপতি গীতাৰ্থ শইকীয়া আৰু সম্পাদক বিশ্বজিৎ গগৈয়ে কেন্দ্ৰীয় সমিতিৰ কৈফিয়তৰ উত্তৰ দি ক্ষমা প্ৰাৰ্থনা বিচাৰে । কিন্তু শুকুৰবাৰে আছুৰ কেন্দ্ৰীয় সমিতিৰ এক কাৰ্যনিৰ্বাহ সভাই এই প্ৰসংগত গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি গীতাৰ্থ শইকীয়া আৰু সম্পাদক বিশ্বজিৎ গগৈক এবছৰৰ বাবে আছুৰ পৰা নিলম্বন কৰে।

আছুৰ এই কঠোৰ সিদ্ধান্ত বিষয়ে জানিব এতিয়া গোলাঘাটৰ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । আনকি আছুৰ এনে সিদ্ধান্তক গোলাঘাটৰ বহু সচেতন ব্যক্তি তথা প্ৰাক্তন আছুৰ বিষয়ববীয়া লগতে শুভাকাঙ্খী ৰাইজে আশ্বৰ্য প্ৰকাশ কৰিছে । ৰাইজৰ মতে, গোলাঘাটত আছুৱে উৰুকাৰ দিনা এই প্ৰীতিভোজৰ আয়োজন কৰাটো কোনো নতুন কথা নহয়।

এই ভোজত মন্ত্ৰী অতুল বৰা উপস্থিত থকাতোও আচৰিত কথা নহয় । আনকি পূৰ্বেও প্ৰায় প্ৰতিবছৰে মন্ত্ৰী গৰাকীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ভোগালীৰ আনন্দ উল্লাসত গোলাঘাটবাসী সংগ দি আহিছে। আনকি মন্ত্ৰী অতুল বৰাই আছুৰ কেন্দ্ৰীয় সমিতিত বিভিন্ন দায়িত্বত থকাৰ সময়তে অৰ্থাৎ ১৯৮৫-৮৭ চন মানৰে পৰা আছুৰ উদ্যোগত গোলাঘাটত উৰুকাৰ দিনা এই প্ৰীতিভোজৰ আয়োজন কৰা হৈ আহিছে ।

তেতিয়াৰ পৰাই প্ৰতিবছৰে অনুষ্ঠিত হোৱা এই ভোজ-ভাতত সকলো শ্ৰেণীৰ ৰাইজৰ লগতে বিভিন্ন দল সংগঠন নিৰ্বিশেষে এই প্ৰীতিভোজত অংশগ্ৰহণ কৰি আহিছে। তেনেক্ষেত্ৰত এইবাৰ প্ৰাক্তন ছাত্ৰ নেতা তথা বৰ্তমানৰ কৃষি মন্ত্ৰী গৰাকীয়ে আছুৰ প্ৰীতিভোজত অংশগ্ৰহণ কৰাক লৈ কেন্দ্ৰীয় আছু নেতৃত্বই ইমান কঠোৰ স্থিতি গ্ৰহণ কৰাত এতিয়া সকলো আচৰিত হৈ পৰিছে । তাৰোপৰি আছুৰ উপ সভাপতি অভিবৰ্তন গোস্বামী উক্ত দিনা প্ৰীতিভোজত উপস্থিত থাকি অনান্য অতিথিসকলৰ লগতে মন্ত্ৰী অতুল বৰাক আদৰনি জনোৱাৰ পৰা অপ্যায়ন কৰালৈকে সকলো ক্ষেত্ৰতে জড়িত হৈ আছিল। তাৰ পাছতো কেন্দ্ৰীয় নেতৃত্বই কেৱল জিলাৰ সভাপতি সম্পাদককে কৈফিয়ত তলব কৰি কঠোৰ স্থিতি গ্ৰহণ কৰা বিষয়টোৱেও সচেতন মহলক স্তম্ভিত কৰি তুলিছে ।

মন্ত্ৰী গৰাকীক অনুষ্ঠানটোলৈ নিমন্ত্ৰণ কৰা বিষয়টোও কেন্দ্ৰীয় উপ সভাপতি গৰাকীৰ আজ্ঞা নাছিল বুলি জানিব পৰা গৈছে।ইয়াৰোপৰি গোস্বামীৰ উপৰিও আছুৰ বিষয়ববীয়াসকল ৰাজনৈতিক নেতাসকলৰ সৈতে একেশাৰীতে বহি বাৰ্তালাপ কৰাৰ ফটোও সামাজিক মাধ্যমত প্ৰচাৰিত হৈছিল। তেনেক্ষেত্ৰত কেৱল জিলা আছুৰ সভাপতি ,সাধাৰণ সম্পাদকক অপসাৰিত কৰা কথাটোৱে আছুৰ কেন্দ্ৰীয় সমিতিৰ এনে সিদ্ধান্তই বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ লগতে কেন্দ্ৰীয় সমিতিৰ 'খেনোক দেখি ৰন্ধা বঢ়া,খেনোক দেখি দুৱাৰ মৰা' নীতিক জনসাধাৰণে সমালোচনা কৰিছে।

আনকি সদৌ অসম ছাত্ৰ সন্থাৰ এনে সিদ্ধান্তই পৰবৰ্তী সময়ত গোলাঘাটত আছুৰ সাংগঠনিক স্থিতি সবল কৰিব নে দূৰ্বল কৰিব তাকলৈ সচেতন ৰাইজ তথা শুভাকাঙ্খী সকল চিন্তিত হৈ পৰিছে ।