গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা... 
গোলাঘাট

গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা...

Asomiya Pratidin

ডিজিটেল সংবাদ গোলাঘাটঃ পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰত ২৯ নৱেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ সপ্তাহজোৰা‌ কাৰ্যসূচীৰে অনুষ্ঠিত গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহত আজি উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

মুখ্যমন্ত্ৰী‌গৰাকীৰ লগতে অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত , কৃষি মন্ত্ৰী অতুল বৰা, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত থাকে ।

"গ্ৰন্থই সৃষ্টিশীল মনৰ উন্মেষ ঘটাই মানৱীয় প্ৰমূল্যবোধৰ লগতে জ্ঞানদীপ্ত সমাজ গঢ়ি তোলাৰ দিশত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। গতিকে মই সকলোকে কিতাপ পঢ়াৰ আনন্দক দৈনন্দিন জীৱনৰ এটি অভ্যাস হিচাপে পৰিণত কৰিবলৈ আহ্বান জনাইছোঁ। আশা কৰিছোঁ- পঢ়ুৱৈসকলৰ সঁহাৰিয়ে এই গ্ৰন্থ মেলাখনক সফল কৰি তুলিব।" বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে ।

উল্লেখযোগ্য ‌যে আজিৰ অসম দিৱসৰ পৱিত্ৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে গোলাঘাট জিলা পুথিভঁৰালৰ নৱনিৰ্মিত অত্যাধুনিক প্ৰেক্ষাগৃহটোও মুকলি কৰে।