গোলাঘাট

ফাকুৱাৰ উৎসাহৰ মাজতেই ধুমুহাৰ তাণ্ডৱ...

Asomiya Pratidin

ডিজিটেল সংবাদ, বোকাখাটঃ গোলাঘাটৰ মৰঙিত বিধ্বংসী ধুমুহা। ফাকুৱাৰ আনন্দ উৎসাহৰ মাজতে গোলাঘাটৰ নুমলীগড়ৰ বিভিন্ন অঞ্চলত ধুমুহাৰ তাণ্ডৱ। মৰঙিৰ বকিয়াল নপাম অঞ্চলত ব্যাপক ক্ষয় ক্ষতি সাধাৰণ ৰাইজৰ।

কেইবাটাও পৰিয়াললৈ এজাক ধুমুহাই নমাই আনিলে কাল অমানিশা। প্ৰচণ্ড ধুমুহাই তচনচ কৰিলে বকিয়াল, নাহৰচলা নপাম, গেৰুকানী আদি গাঁৱসমূহৰ বহু লোকৰ বাসগৃহ। গোলাঘাট জিলা প্ৰশাসন আৰু স্থানীয় বিধায়কক ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক উচিত ক্ষতিপূৰণ তাৎক্ষণিকভাৱে প্ৰদান কৰিবলৈ অনুৰোধ স্থানীয় ৰাইজৰ।