গোলাঘাট

বিত্তমন্ত্ৰী অজন্তা নেওঁগলৈ “গোলাঘাট গৌৰৱ বঁটা” প্ৰদান...

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট বিধান সভা সমষ্টি বিধায়িকা তথা ৰাজ্যৰ এগৰাকী কেবিনেট মন্ত্ৰী অজন্তা নেওগক দেওবাৰে নাৰায়নী সেনা( কোঁচ সেনা) অসমে "গোলাঘাট গৌৰৱ" সন্মানেৰে সন্মানিত কৰে। এই উপলক্ষে এমেচাৰ থিয়েটাৰ চচাইটিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়।

বঁটা প্ৰদান কৰি উদ্যোক্তা সকলে কয় যে, "অজন্তা নেওগে গোলাঘাট জিলাখনত বিভিন্ন উন্নয়নমূলক কাম-কাজ কৰাৰ লগতে এখন পৰিষ্কাৰ গোলাঘাট গঢ়ি তোলাৰ বাবে কাম কৰি গৈছে। আৰু ইয়াৰেই স্বীকৃতী হিচাপে তেওঁক এই সন্মান প্ৰদান কৰা হ'ল।" আজিৰ এই অনুষ্ঠানতে সংগঠনটোৱে গোলাঘাট জিলাখনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰে।

বঁটা গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত নিজৰ শৈশৱ আৰু ছাত্ৰ জীৱনৰ কথা ব্যক্ত কৰি আৱেগিক হৈ পৰে ৷ তেতিয়াৰ দিন আৰু এতিয়াৰ দিনবোৰ যথেষ্ট সলনি হোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে শৈশৱত কিদৰে নিজকে আগবঢ়াই নিছিল সেই কথা ব্যক্ত কৰি নষ্টালজিক হৈ পৰে ৷ গোলাঘাটৰ এমেচাৰ থিয়েটাৰ চচাইটি প্ৰেক্ষাগৃহত অনুস্থিত উক্ত অনুষ্ঠানত প্ৰায় পঞ্চাশ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷