গোলাঘাট

গোলাঘাটত প্ৰস্তাৱিত উৰণীয়া সেতুৰ বিৰোধিতাৰে স্থানীয় লোকৰ প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ পুঁজিৰে প্ৰায় ৪২ কোটি টকা ব্যয়েৰে গোলাঘাট চহৰৰ নিৰ্মাণ হ'ব উৰণীয়া সেতু। ইছলামপট্টিৰ মাজেৰে কুশল কোৱৰ অসামৰিক চিকিৎসালয়ৰ সমীপৰ পৰা এৰেঙ্গাপাৰালৈকে ৰেললাইনৰ ওপৰেৰে এখন ৰেলৱে উৰণীয়া সেঁতুৰ প্ৰকল্পৰ কাম শীঘ্ৰেই আৰম্ভ কৰাৰ বাবে চৰকাৰে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইয়াৰ লগে লগেই স্থানীয় একাংশলোকে উৰণীয়া সেতুখনৰ নিৰ্মাণৰ তীব্ৰ বিৰোধিতা কৰিছে।

স্থানীয়লোক সকলে বৃহস্পতিবাৰে প্ৰতিবাদ মুখৰ পৰিবেশৰ সৃষ্টি কৰি কয় যে আহোম ৰজাৰ দিনৰে পৰা শ শ বছৰ ধৰি তেওঁলোক উক্ত অঞ্চলত বসবাস কৰি আহিছে। যদি উক্ত স্থানত উৰণীয়া সেঁতুখন নিৰ্মাণ হয় তেন্তে গোলাঘাট নগৰৰ ৪,৫, আৰু ১ নং ৱাৰ্ডৰ দুই শতাধিক পৰিয়ালৰ বাসগৃহৰ লগতে বহু ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদৰ সমুখীন হ'ব।

সেয়ে আজি এই উৰণীয়া সেতু নিৰ্মাণৰ বিৰোধিতাৰে নিজ নিজ বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত স্থানীয় পুৰুষ, মহিলা সকলোৱে উৰণীয়া সেঁতুৰ প্ৰকল্প বন্ধ কৰাৰ প্ৰতিবাদন ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷ উৰণীয়া সেঁতুৰ কাম আৰম্ভ হ’লে বহু পৰিয়ালৰ ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ হ’ব। যাৰ বাবে পৰিয়াল পোহপাল দিয়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব বুলিও প্ৰতিবাদকাৰী সকলে সংবাদ মাযমক জানিবলৈ দিয়ে।

আনহাতে এই বিষয়ত গোলাঘাট সমষ্টিৰ বিধায়িকা তথা বিত্তমন্ত্ৰী অজন্তা নেওগক বিষয়টো অৱগত কৰিছিল যদিও তেওঁ বিশেষ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগো ৰাইজে উত্থাপন কৰে ৷ প্ৰতিবাদকাৰী সকলে ধৰ্ণা কাৰ্যসূচীৰূপায়ন কৰাৰ পিছত সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত গোলাঘাটৰ আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷