গোলাঘাট

এমুঠি অন্নৰ বাবে অন্নশনত বহিল গোলাঘাটৰ চাহ বাগিচাৰ শ্ৰমিক

Asomiya Pratidin

ডিজিটেল সংবাদ, মেৰাপানীঃ এমুঠি অন্ন বিচাৰি অন্নশনত বহিল গোলাঘাটৰ জামুগুৰি আৰু ঊষা গৰঙা চাহ বাগিচাৰ বঞ্চিত শ্ৰমিক। কাঁহী-বাতি হাতত লৈ ন্যাৰ্য প্ৰাপ্তিৰ দাবীত চতুৰ্থ দিনাও দুয়োখন বাগিচাৰ শতাধিক চাহ শ্ৰমিকে মাহ মাহ ধৰি বঞ্চিত হৈ থকা ৰেচন, মজুৰি বিছাৰি কলঘৰৰ সন্মূখত তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে।

দুয়োখন বাগিচাৰে মালিক ৰাজেশ বাজাজ পলাতক হৈ থকাৰ পাছৰে পৰা কোনো ধৰণৰ শ্ৰমৰ মজুৰি লাভ নকৰি ক্ষোভিত হৈ পৰিছে। চাহ শ্ৰমিকৰ লগতে স্থানীয় আটছা নেতাসকলে বিষয়টোৰ সন্দৰ্ভত অসম চৰকাৰ, জিলা প্ৰশাসনৰ লগতে শ্ৰম বিভাগে বিষয়টো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ কৰি, শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, বিত্তমন্ত্ৰী তথা স্থানীয় বিধায়িকা অজন্তা নেওগকো কঠোৰ ভাষাৰে সমালোচনা কৰে।

ইফালে প্ৰাপ্য দাবী পূৰণ নকৰিলে ৰাজপথলৈ ওলাই আহি জংগী আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ দিয়ে। আটছা নেতাদ্বয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে, অন্ন দিব নোৱাৰিলে চৰকাৰে চাহ শ্ৰমিকক গুলীয়াই মৰাৰ আহ্বান জনায়। ইফালে শ্ৰমিকৰ সমস্যাৰ সন্দৰ্ভত মন্ত্ৰী অজন্তা নেওগে বিষয়টোৰ সন্দৰ্ভত ইতিমধ্যেই জিলা আয়ুক্তক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া বুলি অৱগত কৰে।