গোলাঘাট

ভাল খবৰঃ বোকাখাতৰ ৫.২৪কোটি টকাৰ ৰঙালাউ বহিঃৰাজ্যলৈ প্ৰেৰণ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বোকাখাতৰ নৈপৰীয়া অঞ্চলসমূহত কেইবা দশক পূৰ্বৰে পৰা স্থানীয় কৃষকসকলে ব্যাপক হাৰত কৰি আহিছে সৰিয়হ, ৰঙালাউ, কবি, বেঙেনাকে আদি কৰি ৰবি শস্যৰ খেতি। বোকাখাতত নৈপৰীয়া অঞ্চলসমূহত হোৱা প্ৰলয়ংকাৰী বানপানী আৰু খহনীয়াৰ বাবে শালি খেতিৰ ওপৰত ইয়াৰ স্থানীয় কৃষকে বিশেষভাৱে আশা কৰিব নোৱাৰে বাবেই এই অঞ্চলসমূহত ব্যাপক হাৰত কৰা হয় ৰবি শস্যৰ খেতি।

বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত ৬ কোটি টকাৰ ৰঙালাও বহিঃৰাজ্যলৈ ৰপ্তানিৰ লক্ষ্য বান্ধি লৈছিল বোকাখাতৰ কৃষকে ৷ এই ক্ষেত্ৰত স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে কৃষি বিভাগে বিশেষভাৱে সহায় কৰিছিল কৃষকসকলক। ফলত ৬ কোটি টকাৰ যি লক্ষ্য, সেই লক্ষ্যত উপনীত হোৱাৰ পথত বোকাখাতৰ কৃষক।

যোৱা বৰ্ষত বোকাখাতৰ কৃষকসকলে ২ কোটি টকাৰ ৰঙালাউ বহি:ৰাজ্যৰ বজাৰলৈ প্ৰেৰণ কৰাৰ বিপৰীতে এই বৰ্ষত ৫.২৪ কোটি টকাৰ ৰঙালাউ প্ৰেৰণ কৰিবলৈ সমৰ্থ হৈছে৷ এয়া ৰাজ্যখনৰ কৃষিখণ্ডৰ বাবে এক উৎসাহজনক বতৰা। ৬ কোটি টকাৰ ৰঙালাও ৰপ্তানিৰ যি লক্ষ্য, সেই লক্ষ্যত সোনকালেই উপনীত হ'ব পাৰিব বুলি আশাবাদী কৃষকসকল৷ বোকাখাতৰ কৃষকৰ এই ৰঙালাও উৎপাদনে কৃষিখণ্ডলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰিছে।

"আমাৰ কৃষিখণ্ডৰ বাবে এক গভীৰ প্ৰত্যাশাৰ খবৰ কঢ়িয়াই আনিছে বোকাখাতৰ ৰঙালাউ উৎপাদনে৷ যোৱা বৰ্ষত বোকাখাতৰ কৃষক বন্ধুসকলে ২ কোটি টকাৰ ৰঙালাউ বহি:ৰাজ্যৰ বজাৰলৈ প্ৰেৰণ কৰাৰ বিপৰীতে এই বৰ্ষত তেখেতসকলে ৫.২৪ কোটি টকাৰ ৰঙালাউ প্ৰেৰণ কৰিবলৈ সমৰ্থ হৈছে৷ এই সফলতাৰ বাবে মই শ্ৰদ্ধাৰ কৃষক বন্ধুসকলক আন্তৰিক অভিনন্দন আৰু ওলগ জ্ঞাপন কৰিছোঁ৷ অসমত স্বনিৰ্ভৰশীলতাৰ বাবে বিভিন্ন ইতিবাচক কৰ্মক্ষেত্ৰ আছে৷ কৰ্মস্পৃহা আৰু ন উদ্যমেৰে আগ্ৰহীসকলে এনেদৰে আগবাঢ়ি আহিলে অসমে এক নতুন গতি লাভ কৰিব৷" মুখ্যমন্ত্ৰীগৰাকীয়ে বোকাখাতৰ কৃষকসকলক আন্তৰিক অভিনন্দন জনায় এইদৰে মন্তব্য কৰে।

উল্লেখযোগ্য যে, কুৰুৱাবাহী গাঁও পঞ্চায়ত, দিচৈ গাঁও পঞ্চায়ত, মধ্য মহুৰা গাঁও পঞ্চায়তৰ লগতে কৃষি উৎপাদক কোম্পানীয়ে ইতিমধ্যে ৮০৬৩.৩ মেট্ৰিকটন ৰঙালাও বহিঃৰাজ্যলৈ ৰপ্তানি কৰিছে ৷ এই ৰঙালাওসমূহ পশ্চিমবঙ্গ, উৰিষ্যা আৰু ত্ৰিপুৰালৈ ৰপ্তানি কৰিছে ৷ মঙলবাৰেও তিনিওখন পঞ্চায়তৰ পৰা ৭ট্ৰাক ৰঙালাও বহিঃৰাজ্যলৈ ৰপ্তানি হৈছে ৷ আন সমূহ ৰবি শস্যতকৈ ৰঙালাও চাহিদা বহিঃৰাজ্যত বৃদ্ধি পোৱাক লৈ লক্ষ্য কৰি কৃষকসকলে ৰঙালাও খেতি পূৰ্বৰ তুলনাত অধিক কৰা পৰিলক্ষিত হৈছে ৷