চৰকাৰী জাননীত হাহাকাৰ কাজিৰঙাতঃ ৭ লাখ টকাৰ ক্ষতিপূৰণেৰে খেদাৰ খিলঞ্জীয়াক.. 
গোলাঘাট

চৰকাৰী জাননীত হাহাকাৰ কাজিৰঙাতঃ ৭ লাখ টকাৰ ক্ষতিপূৰণেৰে খেদাৰ খিলঞ্জীয়াক..

Asomiya Pratidin

ডিজিটেল সংবাদ কাজিৰঙাঃ জাতি-মাটি-ভেটি সুৰক্ষা কৰাৰ প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰা বিজেপি চৰকাৰৰ মন্ত্ৰী-মদাগৰে নিজৰ বাবে ভূমি ঠিকেই সুৰক্ষিত কৰিলেও সাধাৰণ জনগণৰ ভূমি সুৰক্ষিত কৰিব পৰা নাই৷ ইয়াৰ বিপৰীতে চৰকাৰী পক্ষৰ তৰফৰ কাজিৰঙাৰ জনগণলৈ প্ৰেৰণ কৰা এখন জাননীত সম্প্ৰতি হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বিশ্ব ঐতিহ্যক্ষেত্ৰখনিত৷

কাৰণ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা এলেকাত দীৰ্ঘদিন ধৰি বসবাস কৰি থকা লোকসকলক মাত্ৰ ৭ লাখ ৩৬ হাজাৰ টকাৰ বিনিময়ত বাসগৃহ এৰি যাবলৈ জাননী জাৰি কৰিছে চৰকাৰে৷ বোকাখাতৰ মহকুমাধিপতি চিমি কৰণ স্বাক্ষৰিত জাননীযোগে স্পষ্টকৈ উল্লেখ কৰিছে যে বোকাখাত মহকুমাৰ কাজিৰঙা মৌজাৰ দ্বিতীয় সংযোজনৰ অন্তৰ্গত গাঁৱৰ চৰকাৰী ভূমিত বসবাস কৰি থকা নাগৰিকক অহা ৯ নৱেম্বৰৰ ভিতৰত নথি পত্ৰ জমা কৰি ক্ষতিপূৰণ গ্ৰহণ কৰিবলৈ নিৰ্দেশনা দিছে৷

কাজিৰঙাৰ নৃগোষ্ঠীয় অধিবাসীক উঠি যোৱাৰ এই চৰকাৰী জাননী দ্বিতীয় সংযোজন অন্তৰ্গত ২ নং শিলডুবি, বৰবিল মিচিং গাঁও, বৰবিল ভূঞা গাঁও, ৰঙাজান তলচুকৰ এলেকাৰ বাসিন্দাক দিয়া হৈছে৷ লক্ষণীয় কথাটো হ’ল, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া উক্ত এলেকাসমূহত বহু বছৰৰ পূৰ্বেই খহনীয়াত সৰ্বস্বান্ত হোৱা লোকসকলে আহি বসতি স্থাপন কৰিছিল৷

কিন্তু, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশেদি যোৱা ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া ৰোধ কৰাৰ বিপৰীতে তদানীন্তন বনবিষয়াই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্প্ৰসাৰণৰ নামত প্ৰথমতে বুঢ়াপাহাৰ এলেকাত প্ৰথম সংযোজন তাৰ পাছতেই কাজিৰঙাৰ ১নং শিলডুবিৰ কিছু অংশ, ২নং শিলডুবি আদি এলেকাক দ্বিতীয় সংযোজনৰ অন্তৰ্ভুক্ত কৰে৷

বৰ্তমান বৃহত্তৰ কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্প এলেকাত সৰ্বমুঠ দহটা সংযোজন কৰা হৈছে৷ লক্ষণীয় কথাটো হ’ল, দ্বিতীয় সংযোজন কৰাৰ সময়ত লোকশুনানি লোৱা উচিত আছিল যদিও ৰাজহ বিভাগে সেয়া কৰাৰ পৰা বিৰত থাকিল৷ জনগণক অন্ধকাৰত ৰাখিয়েই সংযোজনৰ অন্তৰ্ভুক্ত কৰি খহনীয়া পীড়িত জনগণক উক্ত ঠাই এৰিবলৈ জাননী জাৰি কৰিছে৷

বৰ্তমান কাজিৰঙাত একঠা মাটিৰ মূল্য পূৰ্বৰ তুলনাত বহুগুণ বৃদ্ধি পাইছে৷ চৰকাৰীভাৱে ঘোষণা কৰা দ্বিতীয় সংযোজনৰ আৱাসীসকলক যি ৭ লাখ ৩৬ হাজাৰ টকা ভূমিৰ বিনিময়ত প্ৰদান কৰাৰ যো-জা চলোৱা হৈছে, সেই ধনেৰে কোনো কাৰণতেই কাজিৰঙাত আজিৰ তাৰিখত ভূমি ক্ৰয় কৰিব নোৱাৰিব৷

এই শংকাৰ বাবেই বিগত সময়ত দ্বিতীয় সংযোজনৰ বিৰোধিতা কৰি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জীপাল কৃষক-শ্ৰমিক সংঘই পৃথকে পৃথকে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ ইপিনে, বোকাখাতৰ মহকুমাধিপতিয়ে জাৰি কৰা এই জাননীৰ পাচতেই আজি জীপাল কৃষক-শ্ৰমিক সংঘৰ তৰফৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে এক বিবৃতি৷

জীপালৰ মুখ্য উপদেষ্টা সোনেশ্বৰ নৰহ আৰু মুখপাত্ৰ প্ৰবীণ পেগু স্বাক্ষৰিত বিবৃতিযোগে চৰকাৰী জাননী মানি নোলোৱাৰ হুংকাৰ দিছে৷ জীপালে বিবৃতিযোগে কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ স্বাৰ্থত ভূমি এৰি দিবলৈ ৰাইজ সাজু হ’ব কিন্তু, ভূমিৰ বিনিময়ত চৰকাৰে ভূমি প্ৰদান কৰি খাটিখোৱা জনতাই মৰ্যাদাপূৰ্ণভাৱে জীয়াই থাকিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগিব৷

চৰকাৰে যি ৭ লাখ ৩৬ হাজাৰ টকা ভূমিৰ বিনিময়ত ক্ষতিপূৰণ হিচাপে প্ৰদান কৰাৰ ঘোষণা কৰিছে, সেই ধনেৰে ভূমি ক্ৰয়তো দূৰৰে কথা, কোনো কামতেই নাহিব৷ এই দুখীয়া জনগণ পুনৰ মাটি-ভেটি হেৰুৱাই পথৰ ভিকহু হ’ব লাগিব বুলিও উল্লেখ কৰিছে জীপালে। এইক্ষেত্ৰত চৰকাৰে সঠিক সিদ্ধান্ত গ্ৰহণ নকৰিলে সৰ্বত্ৰে গণতান্ত্ৰিক প্ৰতিবাদ হ’ব বুলিও জীপালে সকীয়াই দিয়ে৷