গোলাঘাট

আজি পৰ্যন্ত মেৰামতি সম্পূৰ্ণ হৈ উঠা নাই কাজিৰঙাৰ অতিথিশালা

Asomiya Pratidin

ডিজিটেল সংবাদ, কাজিৰঙা : প্ৰায় ডেৰটা বছৰ অতিক্ৰম কৰাৰ পাছতো মেৰামতি সম্পূৰ্ণ নহ’ল কাজিৰঙাৰ পৰ্যটন বিভাগৰ অতিথিশালা প্ৰশান্তি, বনানি, বনশ্ৰী আৰু কুঞ্জবনৰ ৷ এই বিষয়ত বিধায়ক অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

বন বিভাগে পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰি দিলেই কাজিৰঙাৰ পৰ্যটন আৰম্ভ আৰু বন্ধ কৰিলে কাজিৰঙাৰ পৰ্যটনৰ অন্ত ৷ ইয়াত পৰ্যটন বিভাগৰ অৰিহনা ক’ত বুলি পৰ্যটন মন্ত্ৰীৰ প্ৰতি প্ৰশ্ন তোলে বিধায়ক অখিল গগৈয়ে ।

বিশ্ব পৰ্যটন দিৱসত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক অখিল গগৈৰ প্ৰশ্ন যে কাজিৰঙাত পৰ্যটন বিভাগৰ অস্তিত্ব ক’ত ? বিভাগটোৰ চাৰিটা পৰ্যটন নিবাস আছিল যদিও সেইকেইটাৰ অৱস্থা তথৈবচ ৷ সেই কেইটাকে বছৰে বছৰে বনায়েই আছে যদিও আজি পৰ্যন্ত সম্পূৰ্ণ নহ’ল নিৰ্মান কাৰ্য ৷

কোনো ধৰণৰ আন্তঃ গাঁঠনি নথকা পৰ্যটন বিভাগে আনকি কাজিৰঙাৰ পৰ্যটনৰ মূল কেন্দ্ৰ কহৰাক আকৰ্ষণীয় কৰি তুলিবলৈ সক্ষম নহ’ল ৷ বিপৰীতে কদৰ্যময় পৰিবেশ দেখি মুখ কোচাবলগীয়া হয় দেশী বিদেশী পৰ্যটকে ৷

মানস আৰু পবিতৰাৰ পৰ্যটনো বন বিভাগৰ ওপৰতে নিৰ্ভৰশীল বুলি মন্তব্য কৰি অখিল গগৈয়ে লগতে কয় যে বিমান বন্দৰৰ পৰা কাজিৰঙালৈ অহাৰ পথছোৱাত এটা প্ৰস্ৰাৱাগাৰ নিৰ্মান কৰা কথা চিন্তাৰ আওতালৈ নাহিল পৰ্যটন বিভাগৰ ৷

পথছোৱাত পৰ্যটকে ৰৈ অসমৰ কুটিৰ শিল্প বা অসমৰ জনজীৱনৰ বিষয়ে জানিব পৰা ব্যৱস্থাও পৰ্যটন বিভাগে কৰিব নোৱাৰিলে ৷ কাজিৰঙাৰ পৰ্যটনক ধ্বংস কৰি পেলোৱা পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই নিজৰ ব্যৰ্থতা ঢাকিবলৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছে সংবাদ মাধ্যমক ৷