মুখ্যমন্ত্ৰীৰ সভালৈ অহাৰ বিনিময়ত পাবলগীয়া ১০০ টকা নাপাই ক্ষোভ ১৫ শ মহিলাৰ... 
গোলাঘাট

মুখ্যমন্ত্ৰীৰ সভালৈ অহাৰ বিনিময়ত পাবলগীয়া ১০০ টকা নাপাই ক্ষোভ ১৫ শ মহিলাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ কাজিৰঙাঃ গাইপতি ১০০ টকাকৈ দিম বুলি মুখ্যমন্ত্ৰীৰ সভালৈ আনি প্ৰতিশ্ৰুতি অনুসৰি ধন নিদিয়াক লৈ আজিও চেপা উত্তেজনাই বিৰাজ কৰিছে কাজিৰঙাৰ এটা পঞ্চায়তত৷ উল্লেখ্য যে যোৱা ৭ আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে কাজিৰঙাত উপস্থিত হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

লগত উপস্থিত হৈছিল কেইবাগৰাকীও মন্ত্ৰী-বিধায়ক৷ মুখ্যমন্ত্ৰীয়ে মহিলাৰ বাবে, যুৱক-যুৱতীৰ বাবে বিভিন্ন আঁচনিৰ প্ৰতিশ্ৰুতি দিয়াৰ সমান্তৰালভাৱে ৫৬ কোটি টকীয়া সংহত হস্ততাঁত আঁচনিৰ আধাৰশিলা স্থাপন কৰিছিল কাজিৰঙাৰ পাণবাৰী নিগমত৷

তদুপৰি, বোকাখাত খেলপথাৰৰ বাবে অতিৰিক্ত ৪০ কোটি টকা ঘোষণা কৰাৰ লগতে বোকাখাতত ৯ কোটিটকীয়া অত্যাধুনিক পশু চিকিৎসালয় আৰু ১০ কোটিটকীয়া লোকনিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলাৰ শিলান্যাস কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ স্বাভাৱিকতে বোকাখাতৰ ইতিহাসৰ বাবে এই দিনটো আছিল এটা ঐতিহাসিক দিন৷

দলীয় নেতা-কৰ্মী বাদেই সততে মুখ্যমন্ত্ৰীক সমালোচনা কৰা বোকাখাতৰ বিৰোধী শিৱিৰেও মুখ্যমন্ত্ৰীৰ ঘোষণাক প্ৰশংসা কৰিছিল৷ কাৰণ, বোকাখাতৰ স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাৰ চূড়ান্ত উদাসীনতাৰ বাবেই বোকাখাতলৈ বুলি আবণ্টন হোৱা সৈনিক স্কুলখন, সতীসাধনী বিশ্ববিদ্যালয়খন বোকাখাতে নাপালে৷

আনকি, স্বয়ং কৃষিমন্ত্ৰীৰ দায়িত্বত থকা স্থানীয় বিধায়ক অতুল বৰাই বোকাখাতৰ পথৰ উত্তৰণৰ হেতু কোনো ধৰণৰ গুৰুত্বপূৰ্ণ আঁচনি নল’লে৷ শেহতীয়াকৈ বোকাখাতৰ বিভিন্ন পথৰ বিধ্বস্ত ৰূপৰ কথা ৰাইজে উনুকিয়াবলৈ যত্ন কৰোঁতেই মন্ত্ৰীগৰাকীয়ে ৰাইজৰ সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে জনগণৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে৷

এই বিষয়বোৰে বোকাখাতৰ জনতাৰ মনত ক্ষোভৰ সৃষ্টি কৰি থকাৰ মাজতে ৭ আগষ্টত অনুষ্ঠিত হ’ল বিশাল জনসভা৷ য’ত বোকাখাতৰ ৰাইজৰ বাবে মুখ্যমন্ত্ৰীয়ে বিভিন্ন ঘোষণা কৰিলে৷ সকলো ৰাইজে ভাবিলে যে মন্ত্ৰী অতুল বৰাক বেয়া পালেও ৰাইজ ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে৷

মুখ্যমন্ত্ৰীয়ে কাজিৰঙাবাসীক কোটি টকীয়া আঁচনি উপহাৰ দিয়াৰ বাবে ৰাইজ জনসভাত উপস্থিত হৈছে বুলি সকলোৱে ভবা কথাবোৰ যেন ভুল প্ৰমাণিত হ’ল সভাখন শেষ হোৱাৰ পাছত৷ কাৰণ, সভা শেষ হোৱাৰ পাছত শাসকীয় দলে যোগান ধৰা গাড়ীত উঠি ভাগে ভাগে মানুহবোৰ গ’লেও কাজিৰঙাৰ এটা পঞ্চায়তৰ প্ৰায় ১৫০০ মহিলা যাব বিচৰা নাই সভাথলী এৰি৷

কাৰণ, শাসকীয় দলৰ মানুহৰ যোগেদি সভালৈ অহাৰ বাবদ গাইপতি ১০০ টকাকৈ দিয়া হৈছিল৷ সেইমতে, কাজিৰঙাৰ এই ১৫০০ মহিলাকো মুখ্যমন্ত্ৰীৰ সভালৈ আহিলে গাইপতি ১০০ টকাকৈ দিম বুলি কৈছিল এগৰাকী শাসকীয় দলৰ নেত্ৰীয়ে৷

কিন্তু, প্ৰচণ্ড ৰ’দ আৰু গৰমত বহি মুখ্যমন্ত্ৰীৰ সভা শুনি হাত চাপৰি মৰাৰ পাছতো প্ৰতিশ্ৰুতি অনুসৰি পাবলগীয়া ধন নাপালে এইসকল মহিলাই৷ গাইপতি ১০০ টকাকৈ হ’লে ১৫০০ মহিলাই পাব লাগে ডেৰ লাখ টকা৷

কিন্তু, এগৰাকী পালিনেতাৰ হতুৱাই টকা দিছে মাত্ৰ ১৪ হাজাৰ৷ ডেৰ লাখ টকাৰ বিপৰীতে ১৪ হাজাৰ টকা দিলে খং উঠাটো স্বাভাৱিক৷ একাংশ মহিলাই জনোৱা মতে, আমাক বেছি টকা নালাগে৷ ১০০ টকা দিম বুলি কৈছিল, ১০০ টকাই দিয়ক৷ কিন্তু, দিম বুলি কৈ কিয় নিদিব৷

খঙে-ক্ষোভে সোমবাৰে বঞ্চিত মহিলাসকলক বুজনি দিয়া হ’ল মংগলবাৰে দিয়া হ’ব প্ৰতিশ্ৰুতিৰ ধন৷ কিন্তু, মংগলবাৰ পাৰ হৈ বুধবাৰ হ’ল৷ এই পৰ্যন্ত কিন্তু নাই ধন৷ ইপিনে, শাসকীয় দলৰ যিগৰাকী নেত্ৰীয়ে ১০০ টকাকৈ দিম বুলি প্ৰতিশ্ৰুতি দিছিল সেইগৰাকীও নাই৷

অত্যাৱশ্যকীয় সামগ্ৰীৰ এই চৰা দামৰ সময়ত ১০০ টকা নো কিয় এৰিব বুলি প্ৰশ্ন কৰি যিসকলে দায়িত্ব লৈ আনিছিল তেওঁলোকক সম্প্ৰতি জবাবদিহি কৰিছে এতিয়া বঞ্চিত মহিলাসকলে৷ এক তথ্য অনুসৰি, মন্ত্ৰী বৰাৰ পৰা তিনিটা ভাগত আঢ়ৈ লাখতকৈয়ো অধিক টকা আনিছিল একাংশ পালিনেতাই।

কিন্তু সেইখিনি এইসকল মহিলাইহে নাপালে৷ ইপিনে, মংগলবাৰে বোকাখাত বিজেপিৰ এগৰাকী নেতাই মুখ্যমন্ত্ৰীৰ সভালৈ আহি প্ৰতিশ্ৰুতিৰ ধন নোপোৱাসকলক অচিৰেই নিৰ্ধাৰিত ১০০ টকাকৈ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি পুনৰ এক প্ৰতিশ্ৰুতি দিয়ে৷ সেই প্ৰতিশ্ৰুতি বাৰু পূৰণ হ’বনে বুলিও প্ৰশ্ন উত্থাপিত হৈছে৷