গোলাঘাট

দেৰগাঁও পথ দুৰ্ঘটনাৰ আৰক্ষীৰ ছাৰ্জশ্বীটঃ ১৭গৰাকী বিল্ডাৰৰ ভুলৰ বাবেই প্ৰাণ হেৰুৱাইছিল ১২গৰাকী লোকে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশ কপোঁৱা দেৰগাঁও পথ দুৰ্ঘটনাক লৈ গোলাঘাট আদালতত শেহতীয়াকৈ দাখিল কৰা হল চাৰ্জশ্বীট। শোকাৱহ এই দুৰ্ঘটনাত শিশু-মহিলাসহ ১২গৰাকী লোক প্ৰাণ হেৰুৱাইছিল। তীব্ৰ বেগত এখন বাছ আৰু ট্ৰাকৰ মাজত সংঘটিত হৈছিল এই ভয়ংকৰ দুৰ্ঘটনাতো।

এই দুৰ্ঘটনাতো সংঘটিত হোৱা প্ৰায় ৫মাহৰ পাছত আৰক্ষীয়ে তদন্তৰ অন্তত দাখিল কৰা প্ৰতিবেদনত অভিযুক্ত কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰি থকা ১৭গৰাকী বিল্ডাৰছক। অধিবক্তাই সদৰি কৰা অনুসৰি ছাৰ্জশ্বীটত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে, পথ নিৰ্মাণৰ সময়ত সঠিক সাংকেতিক চিহ্ন ব্যৱহাৰ নকৰাৰ বাবেই এই ভয়ংকৰ ঘটনা সংঘটিত হবলৈ পালে।

DIVERSION নথকাৰ বাবেই একেটা পথতে দুয়োখন বাহন বিপৰীত দিশৰ পৰা প্ৰচণ্ড গতিত আহি আছিল। যাৰ ফলত বনভোজ খাবলৈ যোৱা বাছখনত খুন্দা মাৰিছিল কয়লাভৰ্তি ট্ৰাকখনে।

উল্লেখ নকৰিলে নহব যে, এই ঘটনাৰ পাছতে ৰাজ্য তথা দেশজুৰি শোকৰ ছাঁ পৰিছিল। বছাভৰলু গাৱঁৰ পৰা টিলিঙা মন্দিৰ দৰ্শন কৰি ভোজৰ বাবে যোৱা এই বনভোজকাৰী দলটো ১২গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ লগতে একেখন গাঁৱৰে ২০গৰাকীলৈ লোক চিৰদিনৰ বাবে ঘূণীয়া হৈছিল।

ইতিমধ্যে দেৰগাঁও আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া সমাপ্ত কৰিছে বুলি ঘোষণা কৰিছে। ইয়াৰ পিছতে বিভিন্ন দল-সংগঠনে উক্ত ১৭গৰাকী বিল্ডাৰছৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে। লগতে নিহত আৰু আহতসকলৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ আহ্বান জনাইছে।