জয়ন্ত বৰুৱাক সম্বৰ্ধনা 
গোলাঘাট

হেমকোষৰ বিশ্ব অভিলেখৰ বাবে গোলাঘাটত বিপুল সম্বৰ্ধনা জয়ন্ত বৰুৱাক...

Asomiya Pratidin

প্ৰতিদিন সংবাদ, গোলাঘাটঃ শব্দ ব্ৰহ্মৰ ওখ দেউল সাজি মৃত্যু মুখী অসমীয়া ভাষাৰ পতাকা খন দেউলৰ সুউচ্চ শিখৰত উত্তোলন কৰিবলৈ নিজৰ জীৱনক উৎসৰ্গা কৰা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ অমৰ কীৰ্তি হেমকোষৰ ভেটিত তেওঁৰেই উত্তৰ পুৰুষ তথা সাদিন-প্ৰতিদিন গোষ্ঠীৰ পৰিচালন সঞ্চালক জয়ন্ত বৰুৱাই হেমকোষৰ ব্ৰেইল সংস্কৰণে অসমীয়া ভাষাক বিশ্বজুৰি এক নতুন মাত্ৰা দিয়াৰ লগতে হেজাৰ হেজাৰ বিশেষ ভাৱে অক্ষম লোকক প্ৰণালীবদ্ধ শব্দৰ ঝংকাৰেৰে ভাষাটোৰ প্ৰতি দায়বদ্ধ কৰি তোলাৰ সময়তে দেওবাৰে গোলাঘাটৰ অৰ্ধ শতাধিক দল সংগঠনে জয়ন্ত বৰুৱালৈ উষ্ণ অভিনন্দন আৰু সম্বৰ্ধনা আগবঢ়ায়। সভাৰ পূৰ্বেই সভাস্থলীৰ ওচৰতে অৱস্থিত ভাষাৰ ওজা হেমচন্দ্ৰ ক্ষেত্ৰত থকা ভাষাৰ ওজা গৰাকীৰ প্ৰতিমূৰ্তিত জয়ন্ত বৰুৱাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতে গায়ন-বায়নেৰে তেওঁক সভাস্থলীলৈ আদৰি অনা হয়।

হেমচন্দ্ৰ বৰুৱা প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি

এই উপলক্ষে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিলাখনৰ অৰ্ধশতাধিক দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে জয়ন্ত বৰুৱাক গোমোছা, চেলেং, শৰাই সফুৰা-স্মাৰক আদিৰে উপচাই পেলায়। গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰৱক্তা তথা বিশিষ্ট লেখক দেৱজিৎ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰি পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সভাপতি নিকুঞ্জ মেধিয়ে জয়ন্ত বৰুৱাক 'ভাষাৰ পূজাৰী' ৰূপে অভিহিত কৰে।

জয়ন্ত বৰুৱাক সম্বৰ্ধনা

সভাখন উদ্বোধন কৰে অসম জাতীতাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে। উদ্বোধনী ভাষণত সভাপতি গৰাকীয়ে কয় যে," অসমীয়া ভাষাত ব্ৰেইল সংস্কৰণৰ অভাৱ আছিল। কিন্ত এই অভাৱ পূৰণ কৰা ইমান সহজ নাছিল। অত্যন্ত কষ্টসাধ্য আৰু ব্যয়বহুল হেমকোষৰ এই ব্ৰেইল সংস্কৰণ প্ৰকাশ কৰি জয়ন্ত বৰুৱাই অসমীয়া ভাষাৰ প্ৰতি দায়বদ্ধতাৰ পৰিচয় দিলে ।" লগতে তেওঁ কয় যে, "জয়ন্ত বৰুৱাক অসমীয়া জাতীয় জীৱনে অনাদি অনন্ত কাললৈ মনত ৰাখিব আৰু অসমীয়া জাতি তেওঁৰ ওচৰত ঋণী হৈ ৰব। ভগৱানে তেওঁক অধিক তেজ বল শক্তি দি অসমীয়া ভাষা সাহিত্যৰ বাবে কাম কৰি যোৱাত অধিক প্ৰেৰণা দিব।"

এই অনুষ্ঠানত নিজৰ বক্তব্য প্ৰদান কৰি বিশিষ্ট বোলছবি পৰিচালক দীনেশ গগৈয়ে কয়, "ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাক লৈ আমি যিদৰে গৌৰান্বিত ঠিক তেনেদৰে তেওঁৰেই নাতি জয়ন্ত বৰুৱাক লৈয়ো আমি আজি গৌৰৱবোধ কৰিছো। অনাগত দিনবোৰত অসমীয়া ভাষা সাহিত্য আগুৱাই যোৱাত কাম কৰি যাবলৈ ভগৱানে তেওঁক অধিক সাহস দিয়ক।"

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সভাপতি নিকুঞ্জ মেধিয়ে আঁত ধৰা এই সম্বৰ্ধনা অনুষ্ঠানৰ প্ৰথমতেই পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে এখন প্ৰতিকী হেমকোষ, এখন সফুৰা, চেলেং, গামোছা আৰু এখন সম্বৰ্ধনা পত্ৰৰে জয়ন্ত বৰুৱাক সম্বৰ্ধনা জনায় । ইয়াৰ পাছতে গোলঘাট জিলা সাংবাদিক সংস্থা, গোলাঘাট জিলা ছাত্ৰ সন্থা, গোলাঘাট শাখা সাহিত্য সভা,পশ্চিম গোলাঘাট শাখা সাহিত্য সভা, দৈয়াং শাখা সাহিত্য সভা, মেৰাপানী মহকুমা সাংবাদিক সংস্থা, গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, গোলাঘাট নগৰ মুছলিম কল্যাণ পৰিষদ, উজনি অসম মুজলিম কল্যাণ পৰিষদ, তাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমাতি, গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থা, কোঁচ ৰাজবংশী যুৱছাত্ৰ সন্মিলন, গোলাঘাট কবি চক্ৰ, অসম জাতীয় পৰিষদৰ গোলাঘাটত জিলা সমিতি, সদৌ অসম সন্মিলিত মটৰ পৰিবহন সমিতি, অখিল ভাৰতীয় পত্ৰিকা মহাসভা, অনুসূচিত জাতি পৰিষদৰ গোলাঘাট জিলা সমিতিৰ, গোলাঘাট নাগৰিক মঞ্চ, গোলাঘাট জিলা কৰ্মচাৰী পৰিষদ, গোলাঘাট প্ৰগতি চৰা, সদৌ অসম অন্ধ বিকাশ সমিতি, লায়ন্স ক্লাৱ,গোলাঘাট, গোলাঘাট সনাতন ধৰ্মীয় সমাজ, জাতীয় সংগ্ৰামী সেনা, মৰঙী প্ৰেছ ক্লাৱ, চাহ জনজাতি ছাত্র সন্থা আৰু অনুসূচিত জাতি ছাত্র সন্থাৰ গোলাঘাট জিলা সমিতি, গোলাঘাট জিলা কংগ্ৰেছ, গোলাঘাট যুৱ কংগ্ৰেছ, অখিল অসম ভোজপুৰী মহিলা পৰিষদ, গোলাঘাট জিলা মাৰোৱাৰী সন্মিলন, গোলাঘাট চাহ মজদুৰ সংঘ, সোণোৱাল, ৰাজবংশী ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতি, অসম চেম্বাৰ্ছ অৱ কৰ্মাচ, গোলাঘাট, সদৌ অসম ভোজপুৰী পৰিষদ, অসম নেপালী সাহিত্য সভা আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে জয়ন্ত বৰুৱালৈ উষ্ণ সম্বৰ্ধনা আগবঢ়ায়।

সম্বৰ্ধনা গ্ৰহণ কৰি জয়ন্ত বৰুৱাই কয়, "এইখন গোলাঘাট জিলাতেই মোৰ পৰম পিতামহ ভাষাৰ ওজা হেম চন্দ্ৰ বৰুৱা, বিদগ্ধ পণ্ডিত হেমচন্দ্ৰ গোস্বামী, প্ৰথম অসমীয়া কথাছবিৰ নায়িকা আইদেউ সন্দিকৈ, অসমীয়া ভাষা সাহিত্যলৈ প্ৰভূত বৰঙণি আগবঢ়োৱা প্ৰয়াত চৈয়দ আব্দুল মালিক, গোটেই জীৱন অসমীয়া সাহিত্যৰ হকে নিজকে উৎসৰ্গা কৰি এতিয়া ভাষা সাহিত্য সাধনাত ব্ৰতী ড০ নগেন শইকীয়াকে ধৰি ভাৰতৰ স্বাধীনতা আন্দোলনত দেশৰ হকে শ্বহীদ হোৱা কেইবাগৰাকী শ্বহীদৰ জন্ম হৈছিল । আৰু সেই মহান সকলৰ জন্মস্থানত আজি অনুষ্ঠিত এই সভাত উপস্থিত থাকিবলৈ পাই মই নিজকে সৌভাগ্যবান বুলি অনুভৱ কৰিছো।"

লগতে বৰুৱাই কয় "১৮৩৬ চনত বৃটিশে অসমীয়া ভাষাক এলাগী কৰি বঙালী ভাষাক চৰকাৰী ভাষাৰ মৰ্যাদা দিলে। ইয়াৰ পাছতে গুণাভিৰাম বৰুৱা, আন্দৰাম ঢেকিয়াল ফুকন, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা আদি সৃষ্টি কৰা বৌদ্ধিক আন্দোলনৰ ফলশ্ৰুতিত ১৯৭২ চনত পুনৰ অসমীয়া ভাষাক স্বীকৃতি দিয়া হয় । "

লগতে সাদিন, প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰীগৰাকীয়ে কয় যে, "ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই অসমীয়া ব্যায়কৰণ আৰু অভিধানেৰে ভাষাটোক প্ৰাণ দি থৈ গল । ভাষাৰ ওজা গৰাকীৰ মৃত্যুৰ চাৰি বছৰৰ পাছত অৰ্থাৎ ১৯০০ চনত হেমকোষ ছপা আকাৰে প্ৰকাশ পাইছিল বুলি উল্লেখ কৰি তেওঁ কয় হেমচন্দ্ৰ গোস্বামীয়ে হেমকোষৰ পাণ্ডুলিপি উদ্ধাৰ কৰাৰ পাছতে হেমকোষ প্ৰকাশ পাইছিল। ইয়াৰ পাছতে মোৰ ককা আনন্দ ৰাম বৰুৱাই দুবছৰ সম্পাদনা কৰাৰ পাছত মোৰ পিতৃ দেৱানন্দ বৰুৱাই চতুৰ্থ সংস্কৰণৰ পৰা চতুৰ্দশ সংস্কৰণলৈকে হেমকোষৰ সম্পাদনা কৰিলে। এতিয়া আমিও হেমচন্দ্ৰ বৰুৱাৰ চতুৰ্থ প্ৰজন্ম হিচাপে হেমকোষৰ পঞ্চদশ সংস্কৰণৰ কাম কাজ আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিছো বুলি উল্লেখ কৰে ।"

তেওঁ আৰু কয়, "ভাষাবিদ বসন্ত গোস্বামী, ড০ মালিনী গোস্বামী, ড০উপেন ৰাভা হাটচামা আদিৰ নেতৃত্বত হেমকোষৰ পঞ্চদশ সংস্কৰণৰ কাম কাজ চলি আছে। এই সংস্কৰণত নতুনকৈ বহু শব্দ সন্নিৱিষ্ট হোৱাৰ লগতে বহু জনজাতীয় শব্দও সন্নিবিষ্ট হ'ব বুলিও তেওঁ উল্লেখ কৰে। হেমকোষৰ ব্ৰেইল সংস্কৰণ গিনীজ বুকত স্থান পাবৰ বাবে নহয়, দৃষ্টিহীনসকলক শব্দৰ আলোকেৰে আলোকিত কৰি তুলিবৰ মানসেৰেহে এনে প্ৰয়াস কৰা হৈছে।"

তেওঁ আৰু কয়, "এয়া এক বৃহৎ প্ৰত্যাহ্বান আছিল। ইয়াৰ বাবে প্ৰয়োজনীয় চফটৱেৰ আমেৰিকাৰ পৰা আনিব লগীয়া হৈছিল। হেমকোষৰ বেইল সংস্কৰণৰ আগলৈকে যিমান বিলাক কিতাপ পত্ৰ ওলাইছিল সেইবিলাকত অসমীয়া ভাষাটো শুদ্ধকৈ প্ৰয়োগ হোৱা নাছিল বুলি উল্লেখ কৰি আশা প্ৰকাশ কৰে যে এতিয়া এই বেইল সংস্কৰণক সাৰথি কৰি পাঠ্যপুথি অথবা অন্যান্য কিতাপ পত্ৰ প্ৰকাশত গুৰুত্ব দিয়া হ'ব।"

এটা জাতি জীয়াই থকাৰ একমাত্ৰ সম্বল হৈছে ভাষা। ভাষা নহলে কোনো এটা জাতি জীয়াই থাকিব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে, "আমাৰ ভাষাবিদ সকলে বহু কাম কৰি আছে, আমাৰ প্ৰতিগৰাকী নাগৰিকৰো ভাষাটোৰ প্ৰতি দায়িত্ব আছে । বংগত যেনেদৰে বঙালী ভাষা, পঞ্জাৱত যেনেকৈ পাঞ্জাৱী ভাষা, তামিলনাডুত যেনেদৰে তামিল ভাষা জিলিকি আছে অসমীয়া ভাষাটোও তেনেদৰে জিলিকাই তুলিবলৈ তেওঁ প্ৰতিগৰাকী অসমীয়াৰ প্ৰতি আহ্বান জনায়।

আজিৰ এই অনুষ্ঠানত অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ উপসভাপতি জীতুল ৰাজখোৱা, ৰঞ্জিত চাংমাই, সঞ্জীৱ শৰ্মা,জয়ন্ত গগৈ, দিগন্ত বুঢ়াগোহাঁই, ডিআৰ মহাবিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত বাৰুকীয়াল, সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী আৰু দ্বীপেন দত্ত, আছুৰ সহকাৰী সম্পাদক অভিবৰ্তন গোস্বামী, চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা, পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰাজীৱ দাস আদিয়ে অংশগ্ৰহণ কৰে। শেষত শলাগৰ শৰাই আগবঢ়াই পৰিষদৰ গোলাঘাট জিলা সমিতিৰ প্ৰাক্তন সভাপতি আব্দুল হাচিমে।