অসম জাতীয়তাবাদী যুৱ পৰিষদে জয়ন্ত বৰুৱাক প্ৰদান কৰিলে ''জননী গৌৰৱ বঁটা-২০২৪''... 
গোলাঘাট

অসম জাতীয়তাবাদী যুৱ পৰিষদে জয়ন্ত বৰুৱাক প্ৰদান কৰিলে ''জননী গৌৰৱ বঁটা-২০২৪''...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ''এটা জাতি জীয়াই থাকে ভাষা আৰু সংস্কৃতিক লৈ। আমি আমাৰ জাতীয় সুৰক্ষাৰ সংগ্ৰামখনৰ লগতে এইবোৰ দিশৰ প্ৰতিও সজাগ-সচেতন হৈ থাকিব লাগিব। জাতীয় জীৱনক সঠিকভাবে আগুৱাই নিয়াৰ ক্ষেত্ৰত নতুন প্ৰজন্মৰ দায়িত্ব আৰু কৰণীয় দিনে দিনে বৃদ্ধি পাইছে।

অসম জাতীয়তাবাদী যুৱ পৰিষদে আগবঢ়োৱা জননী গৌৰৱ বঁটা-২০২৪ গ্ৰহণ কৰি এই মন্তব্য কৰে অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই। অসমৰ অন্যতম সংগ্ৰামী তথা জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ২৩ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত আজি গোলাঘাট নগৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বৰুৱাক এই বঁটা প্ৰদান কৰা হয়।

অসমৰ সংবাদ ক্ষেত্ৰখনত এক নতুন ধাৰাৰ সৃষ্টি কৰি সুস্থ সাংবাদিকতাৰ নেতৃত্ব বহন কৰি সমাজ জীৱন আৰু জাতীয় জীৱন সমৃদ্ধ কৰাৰ লগতে হেমকোষৰ ব্ৰেইলী সংস্কৰণৰ প্ৰণয়নেৰে যি বিশ্ব অভিলেখ গঢ়াৰ বাবে অসম জাতীয়তাবাদী যুৱ পৰিষদে বৰুৱাক এই বঁটাৰে সন্মানিত কৰে।

অসমৰ বহু জাতীয়, জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ লগতে বিশিষ্ট লেখক, সাহিত্যিক, বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই সভাত গোলাঘাটৰ বহুকেইগৰাকী অগ্ৰণী মহিলাকো 'বিশেষ সম্বৰ্দ্ধনা জনোৱা হৈছে।

অনুষ্ঠানত বঁটা গ্ৰহণ কৰি বৰুৱাই নিজৰ ভাষণত কয়, আজি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ এই মুকলি সভাত আপোনালোকে 'জননী গৌৰৱ বঁটা-২০২৪' মোক প্রদান কৰিছে। এই বঁটা যি নামেৰে নামকৰণ কৰি মোক প্রদান কৰিছে সেই নামটোৱে এক বিশাল সত্তাক সামৰি লয়। আমি জন্ম লাভ কৰা এই অসম ভূমিও মোৰ বা আপোনালোকৰ বাবে জননী। সেয়ে জননীৰ নামত উৎসর্গিত এনে এক পবিত্র বঁটাৰ বাবে মই উপযুক্ত হও নে নহওক সেই বিচাৰৰ ভাৰ অসমৰ ৰাইজৰ ওপৰত ন্যস্ত কৰিলো।

তেওঁ কয়, জননীৰ বাবে কি সেৱা আগবঢ়াব পাৰিছো নাজানো, কিন্তু আমাৰ প্ৰ-পিতামহ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই দেখুৱাই যোৱা আদর্শ আৰু জাতি-মাটিৰ প্ৰতি থকা দায়বদ্ধতাবে তেখেতে কৰি যোৱা কামখিনি আগুৱাই নিয়াৰ বাবে চেষ্টাহে কৰি আছো।

ভাষণত বৰুৱাই পুনৰ কয়, অসমীয়া ভাষাৰ প্ৰথমখন ব্যাকৰণ 'অসমীয়া ভাষাৰ ব্যাকৰণ আৰু 'হেমকোষ' প্রণয়নেৰে তেখেতে অসমীয়া ভাষাৰ গভীৰ সংকটৰ কালত পুনৰ প্ৰাণ প্রতিষ্ঠা কৰি গ'ল। সেই হেমকোষকে দৃষ্টিহীনসকলৰ বাবেও বোধগম্য হোৱাকৈ ব্রেইল লিপিত এক সুকীয়া সংস্কৰণ প্ৰকাশ কৰাৰ পিচত ই বিশ্ব অভিলেখো গঢ়িলে। গীনিজ বুক অফ ৱৰ্ল্ডছ ৰেকৰ্ডছে সেই স্বীকৃতি আনুষ্ঠানিকভাৱে প্রদান কৰাত ইয়াৰ গৌৰৱ বিশ্বজনীনভাবে বিয়পি পৰিল। একেদৰে হেমচন্দ্র বৰুৱাই প্রণয়ন কৰা অসমীয়া ভাষাৰ প্ৰথমখন ব্যাকৰণৰো ব্রেইল সংস্কৰণ ইতিমধ্যে প্রকাশ কৰি উলিওৱা হ'ল।

জাতীয় জীৱনক সঠিকভাবে আগুৱাই নিয়াৰ ক্ষেত্ৰত নতুন প্ৰজন্মৰ দায়িত্বৰ কথা সোঁৱৰি বৰুৱাই ভাষণত কয়, এটা জাতি জীয়াই থাকে ভাষা আৰু সংস্কৃতিক লৈ। আমি আমাৰ জাতীয় সুৰক্ষাৰ সংগ্ৰামখনৰ লগতে এইবোৰ দিশৰ প্ৰতিও সজাগ-সচেতন হৈ থাকিব লাগিব। এই কৰ্মৰ বাবে মই এই মঞ্চৰ পৰাই আপোনালোকৰ দিহা-পৰামৰ্শ আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলো।

পূৰ্বতেও মই উল্লেখ কৰিছো যে, জাতীয় জীৱনক সঠিকভাবে আগুৱাই নিয়াৰ ক্ষেত্ৰত নতুন প্ৰজন্মৰ দায়িত্ব আৰু কৰণীয় দিনে দিনে বৃদ্ধি পাইছে। সেই সচেতনতা আৰু দায়িত্ব এতিয়া আপোনালোকৰ হাতত। মই আশা কৰিম জাতিক সুদৃঢ় কৰি নতুন সময়ৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে এই মহান কর্মক সফল ৰূপায়ণ কৰাত আগভাগ লওক।

জননী গৌৰৱ বঁটা প্ৰদান কৰাৰ বাবে তেওঁ অসম জাতীয়তাবাদী যুৱ পৰিষদক কৃতজ্ঞতা জনাই কয়, জাতীয় ঐক্য আৰু সংহতিক ধৰি ৰাখি এক সবল অসমীয়া জাতি গঠন কৰাৰ বাবে সন্মুখত থকা প্রত্যাহ্বান নেওচি এইক্ষেত্রত জাতীয় সংগ্রামত আপোনালোক প্রতিজনেই একো একোজন বলিষ্ঠ ৰণুৱা হৈ পৰক। আজি মোক যি বঁটাৰে সন্মানিত কৰিলে, সেয়া মোৰবাবে আগন্তুক দিনৰ প্ৰেৰণাস্বৰূপ। ইয়াৰ বাবে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সমূহ বিষয়ববীয়া, সদস্য আৰু এই অনুষ্ঠান আয়োজনৰ লগত জড়িত হৈ থকা সকলোকে ধন্য জনাইছোঁ।

ইফালে ভাষণৰ মাজতে বৰুৱাই তেওঁৰ ছাত্ৰ অৱস্থাৰ অৱস্থা সুঁৱৰি কিদৰে সংগ্ৰামৰ পথৰ পৰাই সংবাদ জগতত প্ৰৱেশ কৰে সেই বিষয়েও বিষয়েও উল্লেখ কৰে। তেওঁ কয়, মই ছাত্ৰ অৱস্থাতে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সৈতে জড়িত হৈ পৰিছিলোঁ। সেই সময়ত সংগঠনটোৰে সভাপতি আছিল গোলাঘাটৰ প্ৰয়াত প্ৰবীণ গগৈদেৱ। বহু কেইজন সাধাৰণ সম্পাদকৰ পাছত সংগঠনটোৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লোৱা বিপুল মহন্তৰ সৈতে মোৰ আন্তৰিক সম্পৰ্ক আছিল। সেই বিপুল মহন্তৰ উপদেশ আৰু হেঁচাতে মই প্ৰথমে সংবাদ জগতত খোজ দিওঁ। বিপুল মহন্তই মোক 'সাদিন-প্ৰতিদিন' গোষ্ঠীৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক তিলক হাজৰিকাদেৱৰ কাষলৈ লৈ গৈছিল। তিলক হাজৰিকাদেৱে আমাৰ কথাত 'সাদিন'ৰ দায়িত্ব গ্ৰহণ কৰিবলৈ সন্মতি প্ৰদান কৰিছিল। পৰৱৰ্তী সময়ত 'সাদিন'ৰ জন্ম হয় আৰু সাদিনৰ পৰাই 'অসমীয়া প্ৰতিদিন', মহিলা আলোচনী 'নন্দিনী', ভাষা, সাহিত্যৰ আলোচনী 'সাতসৰী', 'প্ৰতিদিন টাইম', 'প্ৰতিদিন ডিজিটেল' আৰম্ভ হয়।

তেওঁ কয়, 'সাদিন-প্ৰতিদিন' গোষ্ঠী সংগ্ৰামস্থলীৰ পৰাই জন্ম হৈছে। আজি এই 'সাদিন-প্ৰতিদিন' গোষ্ঠী অসমৰ প্ৰতিটো জনগোষ্ঠীৰ লগত, প্ৰতিটো জাতি-জনগোষ্ঠীৰ দল সংগঠনৰ লগত আছে আৰু আগলৈয়ো থাকিব।

পৰিষদৰ আজিৰ এই মুকলি সভাৰ পূৰ্বে পুৱা পৰিষদৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আদি কাৰ্যসূচী অনুষ্ঠিত হয়। বন্তি প্ৰজ্জ্বলনেৰে আৰম্ভ হোৱা সভাখনৰ আৰম্ভণিতে এখন স্মৰণিকাও উন্মোচন কৰা হয়। ইয়াৰ পাছতে মুকলি সভাতেই জয়ন্ত বৰুৱাক এখন ফুলাম গামোচা, চেলেং, জাপি, শৰাই, স্মাৰক, সম্বৰ্ধনা পত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি সন্ধিয়াৰ ভাগলৈ জাতীয়-জনগোষ্ঠীয় সমাৰোহো অনুষ্ঠিত হ'ব ।