গোলাঘাট

'অসমীয়া প্ৰতিদিন'ৰ সাংবাদিক জিতু শৰ্মা ৰাজখোৱালৈ জন কণ্ঠ-২০২৩ বঁটা

Asomiya Pratidin

ডিজিটেল সংবাদ,কাজিৰঙা : 'অসমীয়া প্ৰতিদিন'ৰ বোকাখাতৰ সাংবাদিক জিতু শৰ্মা ৰাজখোৱালৈ আগবঢ়োৱা হৈছে প্ৰয়াত খগেন্দ্ৰ নাথ বৰাৰ স্মৃতিত 'জন কণ্ঠ-২০২৩ বঁটা ৷ আগন্তুক বৰ্ষৰ ২০ জানুৱাৰীত ফেচেংবৰ হেৰিটেজৰ উদ্যোগত উদযাপন কৰিবলৈ লোৱা 'ফেচেংবৰ এনিশা' অনুষ্ঠানত প্ৰদান কৰা হ’ব এই বঁটা ৷

বিগত তিনিটা দশকে বোকাখাতৰ সংবাদক্ষেত্ৰখনিত এক সুস্থ বাতাবৰণ আনিবলৈ অহৰহ কচৰৎ কৰি অহা অসমীয়া প্ৰতিদিনৰ সাংবাদিক জিতু শৰ্মা ৰাজখোৱা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ দায়িত্বত আছে ৷ বোকাখাতৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে বিভিন্ন সামাজিক কামত ওতঃপ্ৰোতভাৱে জড়িত হোৱা জিতু শৰ্মা ৰাজখোৱাক এই বঁটাৰ বাবে মনোনীত হোৱাত কাজিৰঙা অধ্যয়ন চক্ৰ, বোকাখাত মহকুমা সাংবাদিক সন্থা, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থা, বোকাখাত প্ৰেছ ক্লাৱ, পুৱতি সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থাৰ বোকাখাত মহকুমা সমিতি, গোলাঘাট জিলা সমিতি, আটছাৰ বোকাখাত শাখা সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতি, গোৰ্খা ছাত্ৰ সন্থা, বোকাখাত নাট্যমন্দিৰ পৰিচালনা সমিতি, কাজিৰঙা নিউজ নেটৱৰ্ক, ইলেক্ট্ৰনিক মেডিয়া জাৰ্ণেলিষ্ট এচ’ছিয়েছন আদিকে ধৰি প্ৰায় ৩০ টা সংগঠনে অভিনন্দন জনাইছে ৷

ফেচেংবৰ হেৰিটেজ নামৰ সংগঠনটোৰ তৰফৰ পৰা জনোৱা অনুসৰি, ১৯৯২ চনৰ পৰা একাদিক্ৰমে বোকাখাতৰ সদৰ চাৰিআলিত অনুষ্ঠিত হৈ অহা ফেচেংবৰ এনিশা এইবাৰো অহা ২০ জানুৱাৰীত অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে ৷ এই উপলক্ষে ২০ জানুৱাৰীৰ সন্ধিয়াৰে পৰা বৰ্ণিল সাংস্কৃতিক সমাহাৰেৰে বোকাখাত ডিফলু ৰোডত অনুষ্ঠিত হ'ব ফেচেংবৰ এনিশা৷ বাচকবনীয়া গীত আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে বৰ্ণাঢ্য আয়োজন কৰা হৈছে।

এই কাৰ্যসূচীত সমাজলৈ সেৱা আগবঢ়োৱা বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিক উৎসাহিত কৰিবলৈ এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰয়াত খগেন্দ্ৰ নাথ বৰাৰ স্মৃতিত 'জন কণ্ঠ বঁটা প্ৰদানৰ ব্যৱস্থা কৰিছে ৷ আনহাতে, উক্ত ফেচেংবৰ এনিশাৰ অনুষ্ঠানত আন কেইবাটাও বঁটা ঘোষণা কৰিছে উদ্যোক্তাসকলে ৷ সেইমতে, ফেচেংবৰ হেৰিটেজ 'জন সেৱা-২০২৩ বঁটাৰ বাবে গুৱাহাটীৰ জয়ন্ত খাউণ্ড, ফেচেংবৰ হেৰিটেজ 'উদীয়মান সাংস্কৃতিক বঁটা-২০২৩'ৰ বাবে শিল্পী বৰ্ষাগ্নী ডেকা আৰু ৰক্তিম ৰাজ নাথৰ নাম ঘোষণা কৰিছে ৷