সাংবাদিকক আৰক্ষীয়ে কৰা দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে কাজিৰঙাত প্ৰতিবাদঃ ৩ দিনৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ দাবী... 
গোলাঘাট

সাংবাদিকক আৰক্ষীয়ে কৰা দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে কাজিৰঙাত প্ৰতিবাদঃ ৩ দিনৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ দাবী...

Asomiya Pratidin

ডিজিটেল সংবাদ কাজিৰঙাঃ অসমীয়া প্ৰতিদিনৰ সাংবাদিক ধ্ৰুৱজ্যোতি সাহাক দলবদ্ধভাৱে আক্ৰমণ কৰা বোকাখাতৰ লখৌজানৰ ভাস্কৰ শইকীয়াই আজি ৰাজহুৱাভাৱে ক্ষমা বিচাৰে৷ এক ক্ষমাপত্ৰৰ যোগেদি ভাস্কৰ শইকীয়াই জনায় যে, যোৱা ২২ জুলাইত কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি, জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱজ্যোতি সাহা এগৰাকী সতীৰ্থ সাংবাদিকৰ স’তে ভাস্কৰ শইকীয়াৰ লখৌজানস্থিত টেংকাৰ মেৰামতি কৰা স্থানৰ সন্মুখত বাতৰিৰ সংক্ৰান্তত উপস্থিত হৈছিল৷

কিন্তু, শেহতীয়াকৈ ভাস্কৰ শইকীয়া কিছু মানসিক চাপত থকাৰ বাবে সাংবাদিকৰ দলটোৰ সৈতে অসৌজন্যমূলক আচৰণ কৰেে৷ সমান্তৰালভাৱে ভাস্কৰ শইকীয়াৰ নেতৃত্বত কাৰখানাত কৰ্মৰত ১৫/২০ জনীয়া কৰ্মচাৰীৰ এটা দলে সাংবাদিকৰ দলটোক আক্ৰমণ কৰিবলৈ উদ্যত হয়৷

ভুলবশতঃ এই ঘটনা সংঘটিত হৈছে বুলি উল্লেখ কৰি সাংবাদিক ধ্ৰুৱজ্যোতি সাহাৰ লগতে তেখেতৰ সতীৰ্থ সাংবাদিকক আজি লিখিতভাৱে ক্ষমা বিচাৰে৷ আনহাতে, এনে ধৰণৰ দুৰ্ভাগ্যজনক ঘটনা ভৱিষ্যতে কাৰো সৈতে নকৰাৰ লগতে কোনো ধৰণৰ অবৈধ কৰ্মত লিপ্ত নোহোৱাৰ প্ৰতিশ্ৰুতি দিয়ে৷

আনকি, সাংবাদিক আক্ৰমণত জড়িত ভাস্কৰ শইকীয়াই কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থালৈয়ো এক পত্ৰযোগে ক্ষমা প্ৰাৰ্থনা কৰে৷ ইপিনে, এগৰাকী কৰ্তব্যৰত সাংবাদিকক আৰক্ষীয়ে কৰা অসৌজন্যমূলক আচৰণৰ বিৰুদ্ধে বিভিন্ন জাতীয় দল-সংগঠনৰ সহযোগত কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাই আজি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷

প্ৰতিবাদ কাৰ্যসূচীত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে বিভিন্ন উদাত্ত ভাষণেৰে সমগ্ৰ এলেকা কঁপাই তোলে৷ উল্লেখ্য যে যোৱা ৭ জুলাইত কাজিৰঙাত বানে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়ত বন্য জীৱকুল আৰু বান পীড়িত গ্ৰামাঞ্চলৰ বাতৰি সংগ্ৰহৰ বাবে যোৱাৰ সময়ত প্ৰতিদিন টাইমৰ কাজিৰঙাৰ সংবাদকৰ্মী মনোজ প্ৰতিম শইকীয়া আৰু তেওঁৰ এগৰাকী সহযোগীৰ সৈতে আৰক্ষীয়ে অভব্য আচৰণ কৰি ৰাজহুৱা ভাৱে অপদস্থ কৰে৷

ইয়াৰ প্ৰতিবাদত কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ উদ্যোগত আৰু একাংশ জাতীয় সংগঠনৰ সহযোগত উক্ত দিনাই প্ৰতিবাদ সাব্যস্ত কৰা হয়৷ ইপিনে, উক্ত দিনা কিছু সময়ৰ পাছতেই গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষকগৰাকী উপস্থিত হৈ ২৪ ঘণ্টাৰ ভিতৰত দোষী আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মৌখিক প্ৰতিশ্ৰুতি প্ৰদান কৰাত প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰখা হয়৷

কিন্তু, ইতিমধ্যে ১৭/১৮ দিন পাৰ হৈ যোৱাৰ পাছতো অধীক্ষকগৰাকীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ প্ৰতিবাদত আজি কাজিৰঙাৰ কহঁৰাত সন্থাই পুনৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে৷ সন্থাৰ কাৰ্যকৰী সভাপতি ধ্ৰুৱজ্যোতি সাহা আৰু সম্পাদক ৰঞ্জিত ৰজকে আঁত ধৰা প্ৰতিবাদী অনুষ্ঠানত বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত, সম্পাদক নীলু আচাৰ্য, বিষয়ববীয়া অজন্তা তালুকদাৰ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত জিলাৰ সভাপতি নীলোৎপল খাউণ্ড, সম্পাদক প্ৰাঞ্জল ভৰালী, কাজিৰঙা আঞ্চলিকৰ উপদেষ্টা অনন্ত গগৈ, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অনিত গড়, বোকাখাত শাখাৰ সভাপতি সুৰজিত পাইক, কাজিৰঙা উপ-শাখাৰ সভাপতি সুভাষ চাওৰা, ৰাইজৰ দলৰ বোকাখাতৰ মহকুমাৰ সহকাৰী সম্পাদক পুতুল শইকীয়া, জেষ্ঠ নাগৰিক চিন্ময় ধৰ, বিপুল শইকীয়া, ২ নং শিলডুবি যুৱ সংঘৰ সভাপতি নৰেন কাৰ্দং, অসম চাহ মজদুৰ সংঘৰ কিষণ কৰ্মকাৰ, বিকি পাচি, বীৰ লাচিত সেনাৰ কাজিৰঙা আঞ্চলিকৰ সভাপতি অভিজিৎ বৰগোহাঁই, সম্পাদক ৰক্তিম তামূলী, সাংবাদিক ইমৰান আলিৰ আদিৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি, কহঁৰা বজাৰ সমিতিকে ধৰি বহুকেইটা দল-সংগঠনৰ প্ৰতিনিধিয়ে বক্তব্য আগবঢ়োৱাৰ লগতে সহযোগিতা আগবঢ়ায়৷

ইপিনে, প্ৰায় দুঘণ্টাৰ প্ৰতিবাদৰ পাছত কহঁৰা চাৰিআলিৰ প্ৰতিবাদস্থলীত উপস্থিত হয় বোকাখাতৰ দণ্ডাধীশ পৰিস্মিতা দিহিঙীয়া৷ দণ্ডাধীশ দিহিঙীয়াৰ যোগেদি জিলা আয়ুক্তলৈ কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি নীলপদ্ম শৰ্মা আৰু সম্পাদক ৰঞ্জিত ৰজক স্বাক্ষৰিত এখন স্মাৰকপত্ৰ প্ৰদান কৰি সাংবাদিক সন্থাই জনায় যে আগন্তুক তিনিদিনৰ ভিতৰত দোষী আৰক্ষীৰ বিৰুদ্ধে গোলাঘাটৰ আৰক্ষী অধীক্ষকে ব্যৱস্থা গ্ৰহণ নকৰিলে সমগ্ৰ জিলাতে দল-সংগঠন আৰু ৰাইজৰ সহযোগত সাংবাদিক সন্থাই গণ প্ৰতিবাদ গঢ়ি তুলিব৷