যোৰহাট অভিমুখী ঋষি ইণ্ডিয়াৰ খুন্দাত নিহত কাজিৰঙাৰ 'জাংগল কেট'... 
গোলাঘাট

যোৰহাট অভিমুখী ঋষি ইণ্ডিয়াৰ খুন্দাত নিহত কাজিৰঙাৰ 'জাংগল কেট'...

Asomiya Pratidin

ডিজিটেল সংবাদ কাজিৰঙাঃ শনিবাৰে সন্ধিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা বন্যপ্ৰাণী যাত্ৰীবাহী বাছৰ খুন্দাত নিহত হয়। গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী ঋষি ইণ্ডিয়া নামৰ এ এছ ২৫ ইচি ১৬৭৩ নম্বৰৰ বাছখনৰ খুন্দাত নিহত হয় এটা জাংগল কেট।

এই ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়ে যদিও প্ৰায় আধা ঘণ্টা অতিক্ৰম কৰাৰ পাছতো বন বিভাগৰ কোনো লোকেই আহি সেই স্থানত উপস্থিত নহ'ল। ইফালে পথৰ কাষতে পৰি থকা জাংগল কেটৰ মৃতদেহটো পৰৱৰ্তী সময়ত সেই স্থানৰ পৰা কোনো লোকে লৈ যায়।

ইফালে পৰৱৰ্তী সময়ত বন বিভাগৰ লোকে দুৰ্ঘটনা সংঘটিত কৰা বাছখন বোকাখাতত জব্দ কৰে। বাছখনত থকা যাত্ৰীসকলৰ অসুবিধা নহ'বলৈ আন এখন বাছৰ যোগাৰ কৰি সকলোকে গন্তব্য স্থানলৈ প্ৰেৰণ কৰাৰো ব্যৱস্থা কৰে বন বিভাগৰ লোকেই।

আনহাতে পথৰ কাষৰ পৰা কোনে মৃত জাংগল কেটৰ মৃতদেহ লৈ গ'লে সেই বিষয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো সম্ভেদ লাভ কৰা নাই। এই ঘটনাৰ পাছত এতিয়া যানবাহনক নিয়ন্ত্ৰণ কৰিবলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কি ভূমিকা পালন কৰিব সেয়া হ'ব লক্ষ্যনীয়।