গোলাঘাট

কাজিৰঙা লোকসভা সমষ্টিত নিৰ্বাচনী ৰণডংকা বজালে কামাখ্যা প্ৰসাদ তাছাই

Asomiya Pratidin

ডিজিটেল সংবাদ, মেৰাপানীঃ লোকসভা নিৰ্বাচনৰ দিন ঘোষনাৰ পাছতে নিৰ্বাচনী ডংকা বাজিল কাজিৰঙা লোকসভা সমষ্টিত। কলিয়াবৰ লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছতে পোন প্ৰথমবাৰৰ বাবে গোলাঘাট সমষ্টিত এখন দলীয় সভাত অংশ ল'লে কামাখ্যা প্ৰসাদ তাছাই। মেৰাপানীত অনুষ্ঠিত এখন দলীয় সভাত ৰাজ্যৰ বিত্তমন্ত্ৰী তথা গোলাঘাট বিধান সভা সমষ্টিৰ বিধায়িকা অজন্তা নেওগৰ চৰণ চুই কৰ্মী সভাত আৰ্শীবাদ ল'লে কামাখ্যা প্ৰসাদ তাছাই।

দেওবাৰে মেৰাপানীত অনুষ্ঠিত হোৱা বিজেপিৰ কৰ্মী সভাত উপস্থিত হৈ কামাখ্যা প্ৰসাদ তাছাই কয় যে, ৰাজনীতিত ৰাইজে ভাল পোৱাটোৱেই সকলো। যেতিয়ালৈকে ৰাইজে আমাক ভাল পাই থাকিব, আমি বৰ্তি থাকিম।

ইফালে কলিয়াবৰ সমষ্টিত বিপুল ভোটত কামাখ্যা প্ৰসাদ তাছা জয়ী হ'ব বুলি মন্তব্য কৰি অজন্তা নেওগে তাছাক প্ৰাৰ্থী হিচাপে লাভ কৰি উৎফুল্লিত হোৱাৰ লগতে তৃতীয় বাৰৰ বাবে নৰেন্দ্ৰ মোডী দেশৰ প্ৰধানমন্ত্ৰী হ'ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।