কাৰ্বি পাহাৰ, গোলাঘাটক কেন্দ্ৰ কৰি উজনিত শক্তিশালী চোৰাং কাঠৰ ছিণ্ডিকেত ! 
গোলাঘাট

কাৰ্বি পাহাৰ, গোলাঘাটক কেন্দ্ৰ কৰি উজনিত শক্তিশালী চোৰাং কাঠৰ ছিণ্ডিকেত !

Asomiya Pratidin

ডিজিটেল সংবাদ গোলাঘাটঃ সেউজীয়া কাৰ্বি-ভূমিৰ সেউজীয়া ৰূপ নাশ নেকি? পাহাৰৰ মূল্যবান বনজ সম্পদেই কাৰ্ব ভূমিৰ বাবে অভিশাপ হৈ উঠিছে নেকি? এই প্ৰশ্নই এতিয়া উত্থাপন হৈছে পৰিৱেশক লৈ সচেতন লোকসকলৰ মাজত।

কিয়নো বন মাফিয়াৰ শেন দৃষ্টিত এফালৰ পৰা তহিলং হৈছে কাৰ্বি পাহাৰক সেউজীয়া কৰি ৰখা বননি। নিশা হ'লেই সেউজ অৰণ্যৰ পৰা কাঠ ভৰ্তি ট্ৰাকবোৰ ওলাই আহে জন অৰণ্যলৈ। হেণ্ড মেচিনেৰে ওখ ওখ গছবোৰ কাটি ট্ৰাকত তুলি পুৱতি নিশা এইদৰে ওলাই আহে অৰণ্যৰ বুকু ভেদি।

ডলামৰা, কাকচাং, বগীজানৰ কেইবাটাও পথেৰে ওলাই অহা এই কাঠ ভৰ্তি ট্ৰাকবোৰ আৰক্ষীৰ চকুৰ সন্মুখেদিয়েই এখনৰ পাছত আন এখনকৈ পাৰ হৈ যায় যদিও সকলো দেখিও নেদেখাৰ অভিনয় কৰে বোকাখাত আৰক্ষী থানাৰ আৰক্ষী আৰু সংশ্লিষ্ট অঞ্চলৰ বন বিভাগৰ বিষয়া, কৰ্মচাৰীয়ে। আৰক্ষী, বন বিভাগৰ নাকৰ তলেৰেই কাৰ্বি পাহাৰৰ গছ কাটি গোলাঘাটৰ মাজেৰে যোৰহাট, শিৱসাগৰকে ধৰি উজনি অসমৰ বিভিন্ন অঞ্চললৈ যায় ট্ৰাকবোৰ।

উল্লেখ্য, কাৰ্বি আংলঙৰ বৰলাংচু, বৰপুং, তাৰাপুঙকে ধৰি বিভিন্ন বনাঞ্চলৰ পৰা অতি মূল্যবান গছ কাটি ডলামৰাৰ দিশে ট্ৰাকত আৰু মেলেংৰে কালিয়নী নদীৰে পানজান লৱনঘাট অঞ্চলৰ পৰা সৰবাৰহ হৈ আহিছে এই চোৰাং কাঠবোৰ। জানিব পৰা মতে হেণ্ড মেচিনেৰে বনাঞ্চলৰ ডাঙৰ ডাঙৰ গছবোৰ মুহূৰ্ততে কাটি বগৰাই তাৰ পৰা ফাণ্টা বনাই ট্ৰাকত লোড কৰি উজনি অসমৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰি অহা হৈছে।

এই চোৰাং কাৰবাৰৰ সৈতে যোৰহাটৰ আগৰৱালা নামৰ এজন অনাঅসমীয়া অসাধু ব্যৱসায়ী জড়িত থকাৰ লগতে জিলাখনৰ জনৈক দত্ত, দাস আৰু বোকাখাতৰ জনৈক বৰা, গোলাঘাটৰ নাহৰনিৰ জনৈক আহমেদ ওৰফে ভাইটি, বৰহোলাৰ জনৈক বৰা, লুৰুকীহাটৰ জনৈক বৰা, গগৈ উপাধিৰ একাংশ লোক এই চোৰাং কাৰবাৰৰ সৈতে জড়িত। এই অসাধু চক্ৰই অতি শক্তিশালীভাৱে গঢ়ি তুলিছে চোৰাং কাঠৰ ছিণ্ডিকেট। এই ছিণ্ডিকেট চোৱাচিতা কৰে গোলাঘাটৰ জনৈক পায়িং নামৰ এজন ড্ৰাইভাৰে।

এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গোলাঘাট জিলাৰ সম্পাদক ৰাজীৱ লস্কৰ আৰু খিলঞ্জীয়া আমছুৰ কেন্দ্ৰীয় সভাপতি ইছাদ হুছেইনে 'অসমীয়া প্ৰতিদিন'ৰ আগত অভিযোগ কৰি কয়, বন মাফিয়াৰ এই চোৰাং কাঠৰ ছিণ্ডিকেটত বন বিভাগৰ লগতে আৰক্ষী প্ৰশাসনৰ অসাধু বিষয়া, জোৱান আৰু অন্যান্য কৰ্মচাৰী জড়িত হৈ আছে। এই ছিণ্ডিকেটৰ বিৰুদ্ধে বিভিন্ন সময়ত সংগঠন দুটাই গোলাঘাট বন সংমণ্ডল বিষয়াক অভিযোগ দিয়াৰ পাছতো আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

আটাইতকৈ লক্ষণীয় কথা হ'ল যে, ডলামৰা বন বিভাগৰ কাৰ্যলয় আৰু বোকাখাত আৰক্ষী থানা, বগীজান আৰক্ষীৰ সন্মুখেদিয়ে অহৰহ চোৰাং কাঠ ভৰ্তি বাহনসমূহ দিনে নিশাই চলাচল হৈ থাকে যদিও ৰহস্যজনক ভাবে কাৰো চকুত নপৰে। মাজে সময়ে আৰক্ষী বা বন বিভাগে দুই এখন কাঠ সৰবৰাহৰ গাড়ী ধৰি চমক দিবলৈ চেষ্টা কৰে যদিও ছিণ্ডিকেটত জড়িত এজনকো ধৰিবলৈ সক্ষম হোৱা নাই।

এইদৰে কাৰ্বিআংলং আৰু গোলাঘাট সীমান্তবৰ্তী বনাঞ্চল ধ্বংস কৰাৰ ফলত বন্যহস্তীয়ে বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশেৰে উপদ্ৰপ সৃষ্টি কৰি অঞ্চলটোৰ মানুহৰ ঘৰ-দুৱাৰ ভঙাৰ লগতে খেতি-পথাৰ অনিষ্ট কৰাৰ ঘটনা বৃদ্ধি পাইছে। যি সময়ত ৰাজ্য চৰকাৰৰ উদ্যোগত অমৃত বৃক্ষ আন্দোলনেৰে ৰেকৰ্ড গঢ়ি গছ পুলি ৰোপণেৰে ৰাজ্যত সেউজ ধৰণী গঢ়াৰ সপোন দেখুৱাইছে, তেনে সময়তে আকৌ গোলাঘাট, কাৰ্বিআংলং সীমান্তত বন বিভাগ, আৰক্ষী, প্ৰশাসনৰ প্ৰত্যক্ষ সহযোগত চোৰাং কাঠৰ ছিণ্ডিকেট গঢ়ি মূল্যবান বননি ধ্বংস কৰা বিষয়টোৱে সচেতন ৰাজ্যৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ৰাজ্য চৰকাৰৰ সেউজ ধৰণী গঢ়াৰ উদ্যোগক যে এই অসাধু চক্ৰই বুঢ়া আঙুলি দেখুৱাইছে সেই কথা সাধাৰণ লোকেও অনুভৱ কৰিবলৈ সক্ষম হৈছে। এনে প্ৰেক্ষাপটত কিয় ৰাজ্যৰ বন বিভাগে, আৰক্ষী প্ৰশাসনে এই চক্ৰৰ বিৰুদ্ধে শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰা নাই সেয়া এতিয়া ৰহস্যৰ কাৰণ হৈ পৰিছে। বহুতেই সন্দেহ কৰিছে এই ছিণ্ডিকেটৰ শিপা বহু দূৰলৈ শিপাইছে। এতিয়া বন বিভাগ তথা আৰক্ষী প্ৰশাসনৰ শীৰ্ষ মহলে এই ছিণ্ডিকেটক কি দৰে ভেটিব সেয়াহে লক্ষ্যণীয় হ'ব।