গোলাঘাট

কাজিৰঙাত তিনিদিনীয়া সাংবাদিকতা কৰ্মশালাৰ সফল সামৰণি...

Asomiya Pratidin

ডিজিটেল সংবাদ, কাজিৰঙাঃ "এসময়ত সাংবাদিক বুলি ক’লে মূৰ দো খাই যোৱাৰ পৰিৱেশ সলনি হৈ সম্প্ৰতি সাংবাদিকৰ প্ৰতি বিৰূপ ভাব দেখা পোৱা যায়৷ কেৱল কেমেৰা অথবা মোবাইলেৰে ভিডিঅ’ তুলিব পাৰিলেই সাংবাদিক হলো বুলি একাংশ লোকৰ যি মানসিকতা গঢ় লৈ উঠিছে তাৰ বাবেই সৎ, জ্ঞানী সাংবাদিকসকলো লজ্জানত হ’ব লগা হৈছে ৷ এনে এক প্ৰত্যাহ্বান থকা সময়তো কাজিৰঙা, বোকাখাত, গোলাঘাট আৰু নগাঁৱৰ দুকুৰি উঠি অহা প্ৰজন্মৰ যুৱক-যুৱতীক লৈ কাজিৰঙা অধ্যয়ন চক্ৰই বিনামূলীয়াকৈ প্ৰদান কৰা তিনিদিনীয়া সাংবাদিক কৰ্মশালাই সমাজলৈ নিশ্চিতভাবে সুস্থ বাৰ্তা কঢ়িয়াই আনিব৷"- এই মন্তব্য অসম ক্ৰীড়া বৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকনৰ।

যোৱা ৫ জুলাইৰ পৰা কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত কাজিৰঙাৰ বৰগছ ৰিজৰ্টত অনুষ্ঠিত হোৱা বিনামূলীয়া সাংবাদিকতা কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি এইদৰে কয় অসম ক্ৰীড়া বৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকনে ৷ তেখেতে কয় যে, সমাজত এগৰাকী সুনাগৰিক হিচাপে কৰ্ম কৰি যাবলৈ যথেষ্ট কচৰতৰ প্ৰয়োজন ৷ এনে প্ৰেক্ষাপটত এই ধৰণৰ কৰ্মশালাই সমাজখনক এক সুস্থিৰ দিক নিৰ্ণয় কৰিবলৈ উদ্গনি যোগায়। খাটিখোৱা মেহনতী জনতাৰ বিভিন্ন দুখ-দুৰ্দশা, অভাৱ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ ক্ষেত্ৰত সাংবাদিক ধ্ৰুৱজোতি সাহাই কৰা কচৰতৰ আন এক ফচল কাজিৰঙা অধ্যয়ন চক্ৰ বুলি নিজৰ বক্তব্যৰ যোগেদি অভিমত ব্যক্ত কৰে উপাধ্যক্ষ আকাশ ফুকনে৷

ইপিনে সামৰণি অনুষ্ঠানত পূব-অসম বন্যপ্ৰাণী প্ৰাধিকাৰী ভাৰতীয় বনসেৱাৰ বিষয়া অৰুণ ভিগনেছ উপস্থিত থাকি ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ছাত্ৰ-ছাত্ৰীসকলে কিমান কষ্ট তথা অধ্যৱসায় কৰা উচিত সেই সম্বন্ধে মত ব্যক্ত কৰে৷ তেখেতে সাংবাদিকতাৰ কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক প্ৰণালীবদ্ধ অধ্যয়ন কৰিবৰ বাবেও আহ্বান জনায় ৷

ইপিনে, কৰ্মশালাৰ শেষৰটো দিনৰ প্ৰথমটো কাৰ্যসূচীত আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিৱেশ কৰ্মী মনোজ গগৈ আৰু WWFৰ উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত থকা ড° অনুপম শৰ্মা উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলক পৰিৱেশ সুৰক্ষা সন্দৰ্ভত বক্তব্য আগবঢ়ায় ৷ প্ৰকৃতি থাকিলেহে যে মানুহ জীয়াই থাকিব সেই সম্বন্ধে প্ৰশিক্ষাৰ্থীসকলৰ সতে বিশদভাৱে আলোচনা কৰে দুয়োগৰাকী পৰিৱেশকৰ্মীয়ে৷

ইয়াৰ পাছতেই অধিবক্তা কিশোৰ ছেত্ৰীয়ে সাংবাদিকসকলে জানিবলগীয়া বিভিন্ন আইনৰ ধাৰা সম্বন্ধে কৰ্মশালাত বক্তব্য আগবঢ়ায় ৷ কৰ্মশালাৰ অন্তিমটো দিনৰ তৃতীয় পৰ্বত দায়বদ্ধ পৰ্যটন সম্বন্ধে বিশ্লেষণাত্মক বক্তব্য আগবঢ়ায় উদ্যোগী মহিলা ৰূপজ্যোতি শইকীয়া গগৈ, চন্দন গগৈ আৰু চন্দনসেন দহোটীয়াই ৷ ইয়াৰ পাছতেই বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বাবুলাল ম’ৰ আৰু জ্যেষ্ঠ সাংবাদিক ভবানন্দ কলিতাৰ সতে প্ৰশিক্ষাৰ্থীসকলে মুকলি বাৰ্তালাপ কৰে৷

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মহেশ্বৰ গগৈ, সঞ্জীৱ দত্ত আৰু সাংবাদিক বিতোপন মাঝিও উপস্থিত থকা সামৰণি অনুষ্ঠানত শিশু কণ্ঠশিল্পী ঝুমইৰজ্যোতি মাঝিয়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত পৰিবেশন কৰে ৷ উল্লেখ্য যে, সামৰণি অনুষ্ঠানত প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীক মানপত্ৰ প্ৰদান কৰা হয়৷