গোলাঘাট

বসন্তৰ পৰশত নানাৰঙী ফুলেৰে জাতিস্কাৰ কাজিৰঙা জাতীয় অৰ্কিড উদ্যান

Asomiya Pratidin

ডিজিটেল সংবাদ,কাজিৰঙা : ঋতুৰাজ বসন্তৰ পৰশত নানাৰঙী ফুলেৰে জাতিস্কাৰ হৈ উঠিছে কাজিৰঙা জাতীয় অৰ্কিড উদ্যান ৷ ব'হাগৰ এই সময়চোৱাত ফুলেৰে উপচি পৰা অৰ্কিড উদ্যানত ভিৰ বাঢ়িছে দেশ-বিদেশৰ পৰ্যটকৰ ৷

কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানত এতিয়া ফুলিছে ইপাহৰ পিছত সিপাহকৈ দুষ্প্ৰাপ্য প্ৰজাতিৰ নানাৰঙী অৰ্কিড। যাৰ বাবে উদ্যানখৰ প্ৰতিগৰাকী কৰ্মচাৰীৰ মনত এতিয়া ব্যাপক উচাহে দেখা দিছে।

অৰ্কিড উদ্যানৰ অৰ্কিড ফুলাৰ নয়নাভিৰাম দৃশ্যই সমানেই প্ৰাণ জুৰাইছে উদ্যানখনলৈ অহা প্ৰতিগৰাকী পৰ্যটকৰ ৷ উল্লেখ্য যে মাৰ্চ-এপ্ৰিলৰ এই সময়তে ফুলে উদ্যানখনত থকা সকলো অৰ্কিড ৷ আটাইতকৈ সৰু অৰ্কিডটোৰ পৰা সুগন্ধি বোৱাৰী কপৌ লৈ উদ্যানখনৰ সকলো অৰ্কিডেই এতিয়া নতুন ৰূপত জাতিষ্কাৰ হৈ পৰিছে ৷

উদ্যানখনৰ কৰ্মচাৰীসকলৰ বছৰজোৰা আপদাল আৰু কঠোৰ শ্ৰমৰ ফলত এই সময়ত ফুলি উঠিছে প্ৰতিটো দুস্প্ৰাপ্য অৰ্কিড‌ৰ প্ৰজাতি। যেন ৰঙৰহে মেলা পাতিছে প্ৰতিপাহ অৰ্কিডে। ব'হাগৰ সময়ৰ এনে দৃশ্যই যেন মুখত হাঁহি বিৰিঙাই তুলিছে উদ্যানৰ প্ৰতিগৰাকী কৰ্মচাৰী তথা পৰ্যটকৰ ৷