গোলাঘাট

কাজিৰঙাত গুলীচালনাঃ আহত বনকৰ্মী আৰু চোৰাং চিকাৰী

Asomiya Pratidin

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীক লক্ষ্য কৰি বনকৰ্মীয়ে গুলীচালনা কৰে ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ গৰৈমাৰী বনশিবিৰ এলেকাত শুকুৰবাৰে বিয়লি সংঘটিত হয় এই ঘটনা।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সূত্ৰ মতে শুকুৰবাৰে পুৱা কেইজনমান লোকে ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশ কৰাৰ খবৰ লাভ কৰি বনকৰ্মীয়ে অভিযান আৰম্ভ কৰে৷ প্ৰায় দিনজোৰা অভিযানৰ পাছত দুজন চোৰাং চিকাৰীক কৰায়ত্ব কৰাৰ বাবে চেষ্টা চলোৱাত চোৰাং চিকাৰীকেইটায়ে বনকৰ্মীক আক্ৰমণ কৰে ৷ সেই অৱস্থাত বনকৰ্মীজনক উদ্ধাৰৰ বাবে হাতীৰ মাউতজনে পাম্প গানেৰে গুলী চালনা কৰাত মুন আলি নামৰ চোৰাং চিকাৰীটো আহত হয় যদিও আনজন পলাই যাবলৈ সক্ষম হয় ৷

ঘটনাস্থলীত বনকৰ্মীয়ে উদ্ধাৰ কৰে সাতটা দুস্প্ৰাপ্য পিপলি চেং৷ উল্লেখযোগ্য পিপলি চেঙৰ ব্যৱসায় নিষিদ্ধ কৰা হৈছে যদি দুস্প্ৰাপ্য মাছ বিধৰ বিভিন্ন প্ৰান্তত গঢ় লৈ উঠিছে চোৰাং বজাৰ৷ আনহাতে মুন আলিৰ লগত ৫জন সংগী আছিল যদিও আটাইকেইজন পলায়ন কৰে৷ পলাতক চোৰাং চিকাৰীকেইজনৰ বিৰুদ্ধে বনকৰ্মীয়ে অভিযান অব্যাহত ৰাখিছে ৷ তদুপৰি আহত চোৰাং চিকাৰী আৰু বনকৰ্মীজনক উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে ৷