গোলাঘাট

ম্যাদৰ সময়সীমা নথকা আইচক্ৰীম বিক্ৰীৰে জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে ভাবুকি...

Asomiya Pratidin

ডিজিটেল সংবাদ, কাজিৰঙাঃ আইচক্ৰীমৰ নামত কাজিৰঙাত বৰবিহ বিক্ৰী ৷ প্ৰস্তুতৰ তাৰিখৰ লগতে ম্যাদৰ সময়সীমা নথকা আইচক্ৰীম বিক্ৰী কৰি জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াইছে কাজিৰঙাৰ কহঁৰাৰ অস্থায়ী আইচক্ৰীম বিপনীয়ে ৷

উল্লেখ্য যে উৎকত গৰমে দহিছে সকলোকে ৷এনেক্ষেত্ৰত একাংশই শৰীৰ শীতল কৰিবৰ বাবে গ্ৰহণ কৰিছে আইচক্ৰীম ৷ কিন্তু কাজিৰঙাৰ কহঁৰাত থকা অস্থায়ী আইচক্ৰীম বিপনীয়ে বিপদ মাতিছে জনস্বাস্থ্যৰ প্ৰতি ৷

খাদ্য সুৰক্ষা বিভাগৰ নিয়ম অনুসৰি প্ৰতিবিধ খাদ্যসামগ্ৰীৰে প্ৰস্তুতৰ তাৰিখৰ লগতে এটা নিদিষ্ট সময়লৈকে সামগ্ৰীবিধৰ ম্যাদ থাকিব লাগে ৷ কিন্তু সাংবাদিকৰ অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি আইচক্ৰীম বিক্ৰীৰ অনুজ্ঞাপত্ৰ অবিহনে কাজিৰঙাৰ কহঁৰাত বিক্ৰী কৰি আহিছে এই বৰবিহ স্বৰূপ আইচক্ৰীমসমুহ ৷

কিয়নো এটাও আইচক্ৰীমত নাই প্ৰস্তুতৰ সময়সীমা, নাই ম্যাদৰ থাকিবলগীয়া নিদিষ্ট সময়সীমা ৷ গুৰুত্বপূৰ্ণ কথাটো এইটোৱেই যে এই আইচক্ৰীমসমূহৰ প্ৰতি অধিক আকৰ্ষিত বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থীসকল ৷ শিক্ষাৰ্থীসকলৰ স্বাস্থ্যৰ সৈতে হেতালি খেলা এইসমূহ অবৈধ আইচক্ৰীম বিক্ৰীৰ বিপনীৰ ওপৰত খাদ্য সুৰক্ষা বিভাগে কি ব্যৱস্থা লয় সেইয়া হব লক্ষণীয় ৷