গোলাঘাট

পৰ্যটন বৰ্ষৰ বাবে সাজু কাজিৰঙাৰ অৰ্কিড উদ্যান

Asomiya Pratidin

ডিজিটেল সংবাদ, কাজিৰঙাঃ পৰ্যটন বৰ্ষৰ আৰম্ভণিৰ দিন চমু চপাৰ লগে লগে উদুলি মুদুলি হৈ পৰিছে কাজিৰঙাৰ পদুলি। অৰ্কিড উদ্যানত ১ অক্টোবৰৰ পৰা আৰম্ভ হ'ব নিশাৰ 'এনজয়' শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান ৷

এই সাংস্কৃতিক অনুষ্ঠানত পৰ্যটকক আমোদ দিবৰ বাবে শেষ আখৰাত ব্যস্ত হৈ পৰিছে অৰ্কিড উদ্যানৰ শিল্পীসকল৷ অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহণীয়া সাংস্কৃতিক ঐতিহ্যৰ লগতে সত্ৰীয়া সংস্কৃতিৰো বহু সম্ভাৰ পৰিৱেশন কৰা হ'ব। কাজিৰঙালৈ অহা দেশী বিদেশী পৰ্যটকক আমোদ দিয়াৰ উদ্দেশ্যেৰে বড়ো, কাৰ্বি, মিছিং, তিৱা আদিকে ধৰি বহু হেৰাই যোৱা নৃত্যৰ সৈতে প্ৰায় ১৪ বিধ জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা হ'ব প্ৰতি সন্ধিয়া ৬ ৩০ বজাৰ পৰা ৮ ৩০ বজালৈ ৷

কাজিৰঙালৈ অহা প্ৰতিজন পৰ্যটকক উত্তৰ পূৰ্বাঞ্চলৰ মুঠ ১৪ টা জনগোষ্ঠীয় নৃত্যৰ বিষয়ে চমু আভাষ দিয়াৰ লগতে পৰ্যটকক বিগত বৰ্ষৰে পকা যথেষ্ট আমোদ দি আহিছে 'এনজয়' শীৰ্ষক এই অনুষ্ঠানটোৱে ৷