গোলাঘাট

কাজিৰঙাত বাঘৰ আক্ৰমণত আহত হাতী পোৱালী

Asomiya Pratidin

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হাতী পোৱালী। আঘাতপ্ৰাপ্ত হাতীৰ পোৱালীটোক উদ্ধাৰ কৰি বন বিভাগক গতালে হালধীবাৰীৰ স্থানীয় ৰাইজে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত মাতৃৰ পৰা বিচ্ছিন্ন এটা হাতী পোৱালী আক্ৰমণৰ সন্মুখীন হয় বাঘৰ। বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মাইকী হাতীৰ পোৱালীটো দিকিবিদিক হেৰুৱাই অৱশেষত উপস্থিত হয় জনাঞ্চলত। কহঁৰা বনাঞ্চলৰ পৰা ওলাই আহি দাতিকাষৰীয়া হালধীবাৰীত থকা পোহনীয়া হাতীৰ জাকৰ কাষত আহি উপস্থিত হয় যন্ত্ৰণাত চটফটাই থকা হাতীৰ পোৱালীটো।

স্থানীয় ৰাইজ আৰু পোহনীয়া হাতীৰ মাউতে হাতীটোক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি গতাই দিয়ে বন বিভাগক। পাণবাৰীত থকা বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসক কৰ্মচাৰী উপস্থিত হৈ হাতীটোক উন্নত চিকিৎসাৰ বাবে কেন্দ্ৰলৈ স্থানান্তৰ কৰে।