ফেনে-ফোটোকাৰে বাঢ়িছে ধনিশিৰিঃ খুমটাইৰ বহু কেইখন গাঁৱত বান... 
গোলাঘাট

ফেনে-ফোটোকাৰে বাঢ়িছে ধনিশিৰিঃ খুমটাইৰ বহু কেইখন গাঁৱত বান...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অপৰিৱৰ্তিত হৈ আছে গোলাঘাট জিলাৰ খুমটাইৰ বান পৰিস্থিতি।জিলাখনৰ বিভিন্ন অঞ্চলত হোৱা বৰষুণৰ লগতে চুবুৰীয়া নাগালেণ্ডত অব্যাহত থকা বৰষুণৰ বাবেই ধনশিৰি নদীয়ে খুমটাইৰ লগতে গোলাঘাটৰ বিভিন্ন অঞ্চলত বানপানীৰ সৃষ্টি কৰিছে।

ধনশিৰিৰ বাঢ়নী পানীয়ে আজিও প্লাবিত কৰি ৰাখিছে খুমটাইৰ বুটলিখোৱা, বৰবালিটোপ, ভোলাগুৰি, আৱৰঘাটকে ধৰি বহুকেইখন গাঁও। ইফালে এনে এক দুৰ্যোগৰ সময়তে আকৌ এই গাওঁ কেইখনৰ বান পীড়িতই খোৱাপানী, পশুখাদ্য লাভ নকৰাৰ অভিযোগ উঠিছে।

ইফালে জিলাখনৰ কমাৰবন্ধা আৰক্ষী চকীৰ অধীনস্থ কছাৰীহাট মৌজাৰ আঠগাওঁ পঞ্চায়তৰ দবৰাহী গাঁৱৰ গৰৈ চুকৰ নিৰ্মল বৰা নামৰ এজন ব্যক্তিক বৃহস্পতিবাৰে খাৰজান নৈৰ সোঁতে উটুৱাই নিয়ে।

নৈখনৰ পাৰত থকা একাংশ লোকে তেওঁক উটুৱাই নিয়া দেখি পৰিয়ালৰ লোকক খবৰ দিয়াৰ লগতে আক্ষীকো অৱগত কৰে। আৰক্ষীয়ে পৰৱৰ্তী সময়ত এছ ডি আৰ এফৰ সহায়ত অভিযান চলাই বিয়লি ভাগত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে।