গোলাঘাট

কৃষক সমন্বয় দিৱসঃ দেৱনাথ মুছাহাৰীলৈ "কৃষক সমন্বয় বঁটা ২০২৩"

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ অসমৰ অন্যতম বৃহৎ সামাজিক অনুষ্ঠান কৃষক অধিকাৰ সুৰক্ষা সমিতি (কাছ) আৰু নাৰী অধিকাৰ সুৰক্ষা সমিতি (নাছ)ৰ উদ্যোগত আৰু ফৰকাটিঙবাসী ৰাইজৰ সহযোগত ভাৰতৰ শ্ৰেষ্ঠ গো-পালকৰ স্বীকৃতি লাভ কৰা, দৈয়াং কৃষক মুক্তি আন্দোলনৰ অগ্ৰণী নেতা তথা "কাছ"ৰ তৃতীয়গৰাকী সভাপতি প্ৰয়াত দেৱেশ্বৰ নাথৰ দেওবাৰে ৮৮ সংখ্যক জন্ম দিন। এই দিনটোক কাছ-নাছৰ "দ্বিতীয় কৃষক সমন্বয় দিৱস" হিচাপে গোলাঘাট জিলা ফৰকাটিং ১নং তিৰুৱাল গাঁৱত পালন কৰা হয়।

তদুপলক্ষে প্ৰয়াত দেবেশ্বৰ নাথৰ বাসগৃহত পুৱা ৮ বজাত গছপুলি ৰোপণ কৰে প্ৰগতিশীল কৃষক তথা অভ্যৰ্থনা সমিতিৰ সভাপতি দীনেশ গগৈয়ে। কাছ-নাছৰ পতাকা উত্তোলন কৰে কাছৰ সভাপতি ভোলেন হাজৰিকা আৰু নাছৰ সভানেত্ৰী হামিদা খাতুনে। আনহাতে দেৱেশ্বৰ নাথৰ প্ৰতিচ্ছবিত গামোছা আৰু মাল্যাৰ্পন কৰে গাঁও প্ৰধান মুকুত নাথে। বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি শুভাৰম্ভ কৰে নাথৰ সহৰ্ধমিনী কমলা নাথে। ইয়াৰ লগত সংগতি ৰাখি দিনৰ ১১বজাত এখনি "ৰাইজমেল- জোনাকীমেল" অনুষ্ঠিত কৰা হয়। এই মেলৰ সঞ্চালনা কৰে সীতাজখলা দুগ্ধ উৎপাদন সমবায় সমিতিৰ সঞ্চালক ৰঞ্জিত শৰ্মাই।

অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ কৃষি শিক্ষা সম্প্ৰসাৰণ বিভাগৰ সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠক। তেওঁ আলোচনা চক্ৰৰ মূল বিষয় "অসমৰ নতুন প্ৰজন্মৰ কৃষিমুখীতা আৰু আধুনিক কৃষি প্ৰযুক্তি" ওপৰত এক তত্ত্বগধুৰ ভাষণ প্ৰদান কৰি সকলোকে আপ্লুত কৰে। উক্ত অনুষ্ঠানতে অৱসৰ প্ৰাপ্ত শিক্ষক দণ্ডিৰাম বৰাৰ সম্পাদনাত প্ৰকাশ পোৱা মুখপত্ৰ "শ্যামলীমা" উন্মোচন কৰে বিশিষ্ট স্তম্ভ লিখক, সাহিত্যক হীৰেণ গগৈয়ে।

অনুষ্ঠানত ষ্ট্ৰৱেৰী উৎপাদক সোণমণি ডেকা, কাঠফুলা তথা খেতিয়কৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপক অনিল পেগু আৰু মীন পালক তপন দত্ত বৰুৱাক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানতেই কোকৰাঝাৰৰ কৃষক দেৱনাথ মুছাহাৰীক দেৱেশ্বৰ নাথ সোঁৱৰণী "কৃষক সমন্বয় বঁটা ২০২৩"প্ৰদান কৰা হয়। অনুষ্ঠানটিত বিশিষ্টি অতিথি হিচাপে উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ প্ৰাক্তন গৱেষণা সঞ্চালক তথা গুৱাহাটী এপাটৰ পৰামৰ্শ দাতা ড° গিৰীন্দ্ৰ হাজৰিকা।

অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ উদ্যান শস্য বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° ৰাজেন্দ্ৰনাথ দাস, প্ৰাক্তন মুখ্য বিজ্ঞানী ডিফু কৃষিবিজ্ঞান কেন্দ্ৰ, কাবি আংলং তথা অৱসৰী প্ৰধান বিজ্ঞানী, বুঢ়ালিকচপ কুঁহিয়াৰ গৱেষণা কেন্দ্ৰৰ ড° আশুতোষ ৰয়ো উপস্থিত থাকে। ইয়োৰোপৰি অসমৰ বিভিন্ন প্ৰান্তৰ কাছ-নাছৰ আৰু গোলাঘাট জিলাৰ ভালেসংখ্যক কৃষক ৰাইজ উপস্থিত -থাকে। অনুষ্ঠানটি আঁতধৰে কাছ-নাছৰ জন্মদাতা তথা মুখ্য উপদেষ্টা লোহিত গগৈয়ে।