গোলাঘাট

চিনাতলী শাখা সাহিত্য সভাৰ উদ্যোগত প্ৰকৃতি সংৰক্ষণ সন্দৰ্ভত বক্তৃতা অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল সংবাদ,গোলাঘাট : চিনাতলী শাখা সাহিত্য সভাৰ উদ্যোগত চিনাতলী নাট্যমন্দিৰত শুকুৰবাৰে এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। চিনাতলী শাখা সাহিত্য সভাই প্ৰকৃতি সংৰক্ষণক মূল বিষয় হিচাপে লৈ এক গাম্ভীৰ্যপূৰ্ণ বক্তৃতা অনুষ্ঠান আৰু অন্তৰঙ্গ আলাপৰ আয়োজন কৰে ।

য'ত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্ৰকৃতিবিদ সৌমাৰদ্বীপ দত্তই। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰকৃতিবিদগৰাকীক চিনাতলী শাখা সাহিত্য সভাৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ।

এই সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে চিনাতলী শাখা সাহিত্য সভাৰ সম্পাদক অনন্ত শইকীয়াই । ইয়াৰ পিচতেই প্ৰকৃতিবিদগৰাকীয়ে নিৰ্দিষ্ট বিষয়ত মননশীল বক্তব্য দাঙি ধৰে ।

পৰৱৰ্তী কাৰ্যসূচী অনুসৰি চিনাতলী এক অন্তৰংগ আলাপৰ আকৰ্ষণীয় অনুষ্ঠান অনুষ্ঠিত হয় । খুমটাইৰ বিভিন্ন অঞ্চলৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই অন্তৰঙ্গ আলাপ অনুষ্ঠানটিৰ আঁত ধৰে চিনাতলী শাখা সাহিত্য সভাৰ সহকাৰী সম্পদক দীপক হাজৰিকাই ।

এই সুন্দৰ অন্তৰঙ্গ আলাপ অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলে প্ৰকৃতিবিদগৰাকীৰ সৈতে তেওঁৰ প্ৰকৃতি জগতৰ লগত জড়িত হৈ লাভ কৰা বৰ্ণিল অভিজ্ঞতাৰ বিষয়ে ভাবৰ আদান প্ৰদান কৰে । এই অনুষ্ঠানত চিনাতলী শাখা সাহিত্য সভাৰ সভাপতি ৰাজীৱ বৰা,উপ সভাপতিদ্বয় বিলীন বৰা,চন্দ্ৰনাথ বৰা,সম্পাদক অনন্ত শইকীয়া,দীপক হাজৰিকা,সীমান্ত বৰা, প্ৰাক্তন সভাপতি মৃদুল বৰা, চিনাতলী বৰ নামঘৰ সমাজ পৰিষদৰ সভাপতি ৰেৱ শইকীয়াৰ লগতে চিনাতলী শাখা সাহিত্য সভাৰ অন্যান্য বিষয়-ববীয়া , ছাত্ৰ-ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থাকে ।