গোলাঘাট

গোলাঘাটত সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ যুৱতীসহ গ্ৰেপ্তাৰ কেইবাজনো

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত ৰাজ্যৰ সুদখোৰ সকলৰ বিৰুদ্ধে চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে শুকুৰবাৰৰ নিশা গোলাঘাটত আৰক্ষীয়ে সুদখোৰৰ বিৰুদ্ধে অভিযান আৰম্ভ চলায় । তিনি সুদখোৰসহ এগৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰাৰ লগতে এটা পিস্তল, এখন মটৰ চাইকেল,এখন স্কুটিসহ বহু পৰিমাণৰ আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰে আৰক্ষীয়ে।

সুদত ধন দি সুদখোৰে দৰিদ্ৰ পৰিয়ালৰ পৰা আনকি কাঢ়ি লৈছিল ঘৰ-মাটিও। চহৰৰ এগৰাকী বাসিন্দাৰ অভিযোগ মৰ্মে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ নেতৃত্বত গোলাঘাট নগৰত সুদখোৰৰ বিৰুদ্ধে অভিযান চলাই গোলাঘাট নগৰৰ ইছলামট্টিৰ সুদখোৰ দাৰুল ইছলাম, দীপ মাইনা ওৰফে শ্বানাৱাজ আহমেদ, নগৰৰ পানী টেংকীৰ সমীপৰ পিযুষ পাল আৰু ডলি শইকীয়া নামৰ এগৰাকী যুৱতীকো গ্ৰেপ্তাৰ কৰিছে । ধৃত দাৰুল ইছলামৰ পৰা এটা পিস্তল উদ্ধাৰ কৰে আৰক্ষীয়ে।

অভিযানকালত আৰক্ষীয়ে দাৰুল ইছলামৰ AS 05 T 8588 নম্বৰত এখন জাৱা মটৰ চাইকেল, AS05R 1034 নম্বৰৰ এখন স্কুটি জব্দ কৰিছে । উল্লেখ্য যে, দাৰুল ইছলাম,পিযুষ পাল বাহিনীয়ে গোলাঘাটত দীৰ্ঘদিন ধৰি সুদখোৰ হিচাপে বেহা চলাই যোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ।

উল্লেখ্য যে, গোলাঘাট নগৰৰ ষ্টেচন ৰোডৰ অভিজিৎ দে নামৰ ব্যক্তিজনে দাৰুল ইছলামৰ পৰা এক লাখ টকা সুদত লৈ সুদ দি একপ্ৰকাৰ সৰ্বশ্ৰান্ত হৈ পৰে । অভিজিৎ দেই প্ৰকাশ কৰামতে এক লাখ টকা সুদত লৈ দাৰুলক সুদসহ প্ৰায় দুই লাখ টকা আদায় দিয়ে যদিও আৰু ধন দিবলৈ থকা বুলি ষ্টেচন ৰোগত থকা ঘৰ,মাটি কাঢ়ি লয় । উক্ত ঘৰটোত দাৰুল ইছলামে থাকিবলৈ দিয়ে ডলি শইকীয়া নামৰ যুৱতী গৰকীক ।

উক্ত ঘৰটোত আৰক্ষীয়ে অভিযান চলাই ডলি শইকীয়াকো গ্ৰেপ্তাৰ কৰাৰ লগতে ঘৰটোৰ পৰা চেকবুক, দলিল, পাচবুক, মাটিৰ নথি-পত্ৰ আদি জব্দ কৰে । গোলাঘাটৰ আৰক্ষীয়ে সুদখোৰৰ বিৰুদ্ধে সমগ্ৰ জিলাখনতে তীব্ৰ অভিযানৰ চলাব আৰু তালিকা ইতিমধ্যে প্ৰস্তুত কৰিছে ।‌