ৰঙালীৰ আনন্দৰ মাজতেই বিজেপিৰ আইন কোষৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ... 
গোলাঘাট

ৰঙালীৰ আনন্দৰ মাজতেই বিজেপিৰ আইন কোষৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ গোলাঘাট: বিজেপি ৰাজ্যিক আইন কোষে ৰঙালী বিহুৰ মাজতো স্থবিৰ হ'বলৈ দিয়া নাই নিৰ্বাচনী প্ৰচাৰ l সমগ্ৰ অসম জুৰি দহ হাজাৰ অধিবক্তাই মোডী ব্ৰেণ্ড এম্বেছেদৰ হিচাপে প্ৰচাৰত ব্ৰতী হৈ আছে। তাৰেই এক অংশ স্বৰূপে পহিলা ব'হাগৰ দিনটোৰ পৰাই বিজেপি আইন কোষে যোৰহাট, গোলাঘাট আৰু কলিয়াবৰৰ বিভিন্ন অঞ্চলত প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে l

উক্ত প্ৰচাৰ অভিযান কালত যোৰহাট, গোলাঘাট আৰু কলিয়াবৰ বিজেপিৰ সাংগঠনিক জিলাত সেই অঞ্চলৰ প্ৰবোদ্ধ ব্যক্তিসকলৰ ঘৰে ঘৰে গৈ একোখনকৈ বিহুৱান প্ৰদান কৰি তেওঁলোকৰ আশীষ লোৱাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোডীক তৃতীয় বাৰৰ বাবে প্ৰধামন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ বাবে তেওঁলোকৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ সমৰ্থন কামনা কৰে গোলাঘাট, যোৰহাট, কলিয়াবৰ আৰু হোজাই জিলা আইন কোষেl

বিজেপি ৰাজ্যিক আইন কোষৰ আহ্বায়ক জয়ন্ত কুমাৰ গোস্বামীয়েও যোৰহাট আৰু গোলাঘাট জিলাত উক্ত প্ৰচাৰ অভিযানত অংশগ্ৰহন কৰে। এই প্ৰচাৰ অভিযানত যোৰহাট জিলাত ৰাজ্যিক আইন কোষৰ সদস্য দিগন্ত প্ৰকাশ গোস্বামী, জিলা আইন কোষৰ আহ্বায়ক পল্লৱ বৰুৱা, সহ আহ্বায়ক পাঞ্চালী শইকীয়া, গোলাঘাট জিলাত জিলা আইন কোষৰ আহ্বায়ক ধ্ৰুৱ কোঁৱৰ, সহ আহ্বায়ক দোলশ্বৰ শইকীয়া নেতৃত্ব প্ৰদান কৰে l

ইয়াৰ লগতে কলিয়াবত জিলাত ৰাজ্যিক আইন কোষৰ সদস্য অমৰজ্যোতি শইকীয়া আৰু সুদীপ্ত ৰঞ্জন বৰুৱা, হোজাই জিলা আইন কোষৰ আহ্বায়ক উৎপল দাসৰ লগতে আইন কোষৰ আন আন সদস্যসকলে উক্ত প্ৰচাৰ অভিযানত উপস্থিত থাকি ৰাজ্যিক আইন কোষৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখে l