গোলাঘাট

মেৰাপানীত পথ দুৰ্ঘটনাঃ আহত ৫

Asomiya Pratidin

ডিজিটেল সংবাদ,মেৰাপানীঃ মেৰাপানীত বৃহস্পতিবাৰে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, মেৰাপানীৰ অন্তৰ্গত উদয়পুৰত তীব্ৰ বেগী এখন দুচকীয়া বাহনে বিপৰীত দিশৰ পৰা অহা ই-ৰিক্সাত সন্মুখৰ পৰা খুন্দা মাৰে। ফলত গুৰুতৰভাবে আহত হয় ই-ৰিক্সাত আহি থকা আটাইকেইজন লোক।

আহত সকলক মেৰাপানী চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে গোলাঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আহত আটাইকেইজনেই অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহত কেইজন ক্ৰমে দিপাংকৰ দাস, নিৰঞ্জন দাস, সুনীল ৰায়, দামোদৰ চেট্টী আৰু মামিনুল হক।