গোলাঘাট

JEE পৰীক্ষাত উত্তীৰ্ণ হৈও ধনৰ অভাৱত থমকি ৰৈছে মেধা ছাত্ৰী নিহা...

Asomiya Pratidin

ডিজিটেল সংবাদ,মেৰাপানী: যি সময়ত দেশত অনুষ্ঠিত হৈ যোৱা নীট পৰীক্ষাত বিসংগতিৰ অভিযোগত দেশজুৰি উত্তাল প্ৰতিবাদ সৃষ্টি হৈ আহিছে সেই সময়তে মেধাৰ বলত JEE ৰ দৰে কঠিন পৰীক্ষাত উত্তীৰ্ণ হৈও ধনৰ অভাৱত পৰি নামভৰ্তিৰ বাবে থমকি ৰ'ব লগা হৈছে এগৰাকী দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী।

মেৰাপানী উদয়পুৰ গাঁৱৰ নিবাসী ফাগুনী দাসে দুই কন্যা সহ এটি পুত্ৰ সন্তানক বিদ্যালয়ত ভাত ৰান্ধি দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আহিছে। সদ্য ঘোষিত JEE পৰীক্ষাত পিতৃহাৰা নিহা হাজৰিকাই ৮৮% নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱাৰ পাছত এতিয়া আৰ্থিক দৈন্যতাৰ বাবে নিজৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত থমকি ৰ'ব লগা হৈছে মেধাবী ছাত্ৰী গৰাকী।

এই ক্ষেত্ৰত উচ্চ শিক্ষাৰ বাবে ছাত্ৰী গৰাকীক আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াবলৈ হৃদয়বান লোক অথবা চৰকাৰক কাতৰ আহ্বান জনাইছে দৰিদ্ৰ পৰিয়ালটোৱে। ছাত্ৰী গৰাকী কোনো ব্যক্তিয়ে সহায় কৰিব বিচাৰিলে G-pay 6002980716 অথবা SBI- 43048610922, IFSC- SBIN0000083 নম্বৰত সহায় কৰিব পাৰিব।