ডিজিটেল সংবাদ,মেৰাপানীঃ মেৰাপানীত সুৰামত্ত নগাৰ তাণ্ডৱক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। মঙলবাৰে নিশা প্ৰায় ৭-৮জনীয়া এটা নগা লোকৰ দলে অকাৰণতে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰি গুৰুতৰ ভাৱে আহত কৰে এজন অসমীয়া ক্ষুদ্ৰ ব্যৱসায়ীক।
ৰখাই থোৱা অৱস্থাত বাইকৰ লাইট অফ কৰিবলৈ অনুৰোধ জনোৱাৰ বাবেই হোটেল ব্যৱসায়ী জীৱন কলিতাক উপৰ্যুপৰি প্ৰহাৰ কৰে নগা লোকৰ দলটোৱে। উন্মত্ত নগা লোকৰ দলটোৰ সামৰিক পোছাক পৰিধান কৰা দুজন লোকো আছিল বুলি জানিব পৰা গৈছে।
ঘটনাৰ সময়ত হুলস্থুলীয়া পৰিবেশ সৃষ্টি হোৱাত একাংশ স্থানীয় লোক কাষ চাপি অহাত ঘটনাস্থলীৰ পৰা নগা দলটো পলায়ণ কৰে। পাছত মেৰাপানী আৰক্ষীয়ে নগাৰ দলটোৱে এৰি যোৱা এখন বাইক জব্দ কৰে।
ইফালে আঘাটপ্ৰাপ্ত জীৱন কলিতাৰ চিকিৎসাৰ ব্যৱস্থা কৰে ৰাইজে। উল্লেখযোগ্য যে, শেহতীয়াকৈ একাংশ উন্মত্ত নগা লোকে প্ৰায়ে অসমীয়া লোকক অসম ভূমিতে মাৰপিট কৰাৰ ঘটনা পৰিলক্ষিত হৈছে।