ডিজিটেল সংবাদ,বোকাখাত : ২০১৬ চনৰ পৰা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক তথা কৃষি মন্ত্ৰীৰ দায়িত্বত থকা অতুল বৰাই কৃষিখণ্ডৰ উন্নয়ণৰ নামত সমষ্টিবাসীক কেৱল চমকৰ পাছত কেৱল চমকহে দেখুৱাই আছে বুলি ক'লে নিশ্চয় অত্যুক্তি কৰা নহ'ব। কৃষিখণ্ডৰ উন্নয়ণৰ ক্ষেত্ৰত কেতিয়াবা যদি প্ৰদৰ্শন কৰিছে বিভাগীয় বৈঠকৰ ৰঙীন ফটো আকৌ কেতিয়াবা প্ৰদৰ্শন কৰিছে কৃষি পথাৰৰ ফটো শ্বুট।
যিসময়ত বোকাখাত বিধানসভা সমষ্টিৰ শালিধানৰ পথাৰত বাৰে বাৰে বানপানীয়ে তাণ্ডৱ লীলা চলাই, সেইসময়ত কৃষকক ক্ষতিপূৰণৰ নামত ফুটাকড়ি এটাও দিব নোৱাৰা মন্ত্ৰীগৰাকীয়ে কৃষি উন্নয়ণৰ জয়গান গায়। আকৌ শিলাবৃষ্টিৰ দৰে প্ৰাকৃতিক দুৰ্যোগত যেতিয়া হাজাৰ হাজাৰ বিঘাৰ ৰবি শস্য নষ্ট হৈ কৃষকৰ ভিকাচন ভাগে তেতিয়া মন্ত্ৰীগৰাকীয়ে ঋণত ককবকাই থকা কৃষকক দ্ৰোণৰ সহায়ত কৃষি পথাৰত ৰাসায়নিক সাৰ আৰু কীটনাশক ছটিওৱাৰ সপোন দেখুৱাই বুলি স্থানীয় লোকে আক্ষেপ প্ৰকাশ কৰে। মন্ত্ৰী অতুল বৰাৰ কৃষি উন্নয়ণৰ এয়াই আচলতে বাস্তৱ ছবি। বিশেষকৈ ৰবিশস্যৰ বতৰত মন্ত্ৰীগৰাকীয়ে বিভিন্ন কৃষি প্ৰকল্প হাতত লোৱাৰ নামত প্ৰকৃততে চলাই আহিছে বিৰাট লুণ্ঠন।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২০২২-২৩ বৰ্ষত বোকাখাতৰ গাভৰু চাপৰিত ৫০০০ বিঘাৰ কৃষি ভূমি সামৰি সমন্বিত কৃষি প্ৰকল্প নামৰ এটা প্ৰকল্পত উন্নত মানৰ মাকৈৰ খেতি কৰাৰ নামত গৰুৰ দানাহে উৎপাদন কৰিছিল। অৰ্থাৎ মাকৈৰ নামত একোৱেই উৎপাদন হোৱা নাছিল উক্ত কৃষি প্ৰকল্পটোত।
আকৌ একেটা প্ৰকল্পত মাটিমাহৰ খেতিৰ নামত ৭,২২,২০,২৬২.৪০ টকাৰ বীজ ক্ৰয় কৰি উৎপাদন কৰিলে বিঘাই প্ৰতি ১ কিঃগ্ৰাঃহে মাটিমাহ। এয়া কিন্তু মন্ত্ৰী অতুল বৰাক কৰা কুৎসা ৰটনা নহয়। তথ্য জনাৰ অধিকাৰ আইনৰ আধাৰত খোদ গোলাঘাট জিলা কৃষি বিভাগৰ কাৰ্যালয়ে দিয়া তথ্যহে।
ইফালে Salasar Agro Service নামৰ গুৱাহাটীৰ প্ৰতিষ্ঠানটোৰ পৰা ক্ৰয় কৰা এই উন্নত মানৰ মাটিমাহৰ বীজৰ পৰা কেৱল বিঘাত ১ কিঃগ্ৰাঃহে কিয় উৎপাদন হ'ল তাৰ উত্তৰ সমষ্টিবাসীক নিদিলে মন্ত্ৰী অতুল বৰাই। উন্নতমানৰ বীজ ক্ৰয় কৰাৰ নামত ৭,২২,২০,২৬২.৪০ টকাৰ বিৰাট কেলংকাৰীত লিপ্ত হোৱা মন্ত্ৰী অতুল বৰাই এইবাৰ লক্ষ্য কৰি লৈছে বোকাখাত বিধানসভা সমষ্টিৰ ৰঙামাটি মৌজাৰ বৃহৎ কৃষি প্ৰধান অঞ্চল লাকলঙীয়াৰ কৃষকক।
বোকাখাতৰ গাভৰু চাপৰিৰ ৫০০০ হাজাৰ বিঘাৰ কৃষি প্ৰকল্প সন্দেহ আৰু কেলেংকাৰীৰ আৱৰ্তত সোমাই ফ্লপ শ্ব'লৈ পৰিণত হোৱাৰ পাছত এইবাৰ লাকলঙীয়াত ৩৫০ বিঘা কৃষিভূমিৰ কৃষি প্ৰকল্প মন্ত্ৰী অতুল বৰাৰ। "লাকলঙীয়া সেউজ কৃষি পাম"ত এইবাৰ তিল, মগুমাহ আৰু মাটিমাহৰ দেওবাৰে বীজ সিঁচিলে মন্ত্ৰীগৰাকীয়ে।
স্বাভাৱিকতেই গাভৰু চাপৰিত মাটিমাহৰ বীজৰ নামত ৭,২২,২০,২৬২.৪০ টকাৰ হৰলুকী হোৱাৰ পাছত লাকলঙীয়াৰ তিল, মগুমাহ আৰু মাটিমাহ খেতিলৈও সন্দেহৰ দৃষ্টি আনিছে সচেতন ৰাইজে। প্ৰশ্ন হৈছে- গোলাঘাট জিলাৰ কৃষি ক্ষেত্ৰলৈ বৃহৎ অৱদান আগবঢ়াই অহা লাকলঙীয়াৰ কৃষকেও গাভৰু চাপৰিৰ কৃষকৰ দৰেই প্ৰৱঞ্চনাৰ বলি হ'ব নেকি মন্ত্ৰী অতুল বৰাৰ?
কাৰণ প্ৰত্যেক বছৰেই বানপানীৰ কবলত পৰা লাকলঙীয়াৰ প্ৰধান ভৰষা বছৰৰ মূৰকত ৰবি শস্যৰ খেতিহে। তাৰ বিপৰীতে সমাগত পঞ্চায়ত নিৰ্বাচনৰ ৰাজনৈতিক অংকৰ বলি হ'ব নেকি লাকলঙীয়াৰ কৃষক, ইয়াৰ প্ৰতি তীক্ষ্ণ দৃষ্টি থাকিব সচেতন ৰাইজৰ।