গোলাঘাট

গোলাঘাটত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, নদুৱাৰত বিধায়ক পদ্ম হাজৰিকাই উত্তোলন কৰিলে গণৰাজ্য দিৱসৰ পতাকা

Asomiya Pratidin

ডিজিটেল সংবাদ,গোলাঘাট : আজি ৭৫ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ৷ পুৱা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্জ্বলন আৰু ছহিদ বেদীত মাল্যপৰ্ণেৰে আৰম্ভ হোৱা মূল কাৰ্যসূচীত অংশ গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে দেশৰ ছহিদসকল তথা সংবিধান প্ৰণেতাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

আৰক্ষী, পেচাদাৰী আৰু অপেচাদাৰী গোটৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰি মন্ত্ৰী বৰুৱাই গণৰাজ্য দিৱসৰ মূল বক্তব্য আগবঢ়ায় ৷ ভাষণত মন্ত্ৰীগৰাকীয়ে গোলাঘাট জিলাৰ বৰ্ণিল ইতিহাসৰ কথা উল্লেখ কৰি বৰ্তমানে চলি থকা বিভিন্ন চৰকাৰী আঁচনি আৰু বিভাগসমূহৰ কাম কাজৰ খতিয়ান দাঙি ধৰে ৷

গণৰাজ্য দিৱসৰ অনুষ্ঠানত গোলাঘাট জিলাৰ বিভিন্ন সাংস্কৃতিক গোষ্ঠী আৰু শিক্ষানুষ্ঠানে বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰে ৷ ৩০ টা পেচাদাৰী আৰু অপেচাদাৰী দলে গণৰাজ্য দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰে ৷

অনুষ্ঠানত গোলাঘাট জিলাৰ বিভিন্ন বিভাগৰ পৰা নিৰ্বাচিত হোৱা শ্ৰেষ্ঠ কৰ্মচাৰীসকলক মন্ত্ৰীগৰাকীয়ে সম্বৰ্ধনা জনায় ৷ ইয়াৰ লগতে জিলাখনৰ পৰিবহন, কৃষি, জলসিঞ্চন, মহিলা আৰু শিশু উন্নয়নকে ধৰি ১১ টা বিভাগে নিজ নিজ বিভাগৰ প্ৰতীকপট প্ৰদৰ্শন কৰে ৷

উক্ত অনুষ্ঠানত গোলাঘাট জিলাৰ জিলা আয়ুক্ত ডা° পি উদয় প্ৰবীণৰ লগতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমনি বৰবৰা, গোলাঘাট জিলা পৰিষদৰ সভানেত্ৰী হেলিনা দলে পেগু, গোলাঘাটৰ বহু কেইগৰাকী মুক্তিযোদ্ধা, সমাজকৰ্মী আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

ইফালে জামুগুৰিহাটৰ পৰিদৰ্শন ভৱন প্ৰাংগনত নদুৱাৰ উপ জিলা প্ৰশাসনৰ সহযোগত প্ৰথমবাৰৰ বাবে নদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয় আৰু নদুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্য্যালয়ৰ উদ্যোগত অনুষ্ঠিত হয় গণৰাজ্য দিৱসৰ কাৰ্য্যসূচী।

এই উপলক্ষে ত্ৰিৰংগা পতাকা উত্তোলন কৰে চতিয়া তথা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ বিধায়কগৰাকীক আৰক্ষী,এন,চি,চি কেডেটসকলে কুচকাৱাজৰ জৰিয়তে অভিবাদন জনোৱা পৰিলক্ষিত হয়। অভিবাদন গ্ৰহণ কৰি বিধায়কগৰাকীয়ে গণৰাজ্য দিৱসৰ তাৎপৰ্য সন্দৰ্ভত বহল ব্যাখ্যা দাঙি ধৰে।