গোলাঘাট

গোলাঘাটত জ্বলাই দিয়া হ'ল কোটি টকাৰ নিচাযুক্ত সামগ্ৰী...

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ বগৰিজেং আৰক্ষী নিবাসৰ খেলপথাৰত ১কোটি ৩৩ হাজাৰ টকাৰ নিচাযুক্ত সামগ্ৰী দাহ কৰে ৷ গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ উপস্থিতিত নিচাযুক্ত সামগ্ৰীখিনি দাহ কৰা হয় ৷ গোলাঘাটৰ জিলাখনৰ বিভিন্ন স্থানত জব্দ কৰা ড্ৰাগছৰ লগত বিভিন্ন নিচাযুক্ত সামগ্ৰী মজুত কৰি শুকুৰবাৰে দাহ কৰা হয় ৷

আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰে যে এই অবৈধ ড্ৰাগছৰ বিৰুদ্ধে ১ জানুৱাৰীৰ পৰা ১৪ টা গোচৰ পঞ্জীয়ন হৈছে আৰু ২৮ জন লোকক আটক কৰাৰ লগতে ৩০খন বাহন জব্দ কৰিছে ৷ ৰাজ্যৰ বাহিৰৰ পৰা এই অবৈধ গোলাঘাটৰ মাজেদিয়েই সৰবৰাহ হোৱাৰ কথা উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷