প্ৰধানমন্ত্ৰীৰ আগমণৰ পূৰ্বে ন-ৰূপত জিলিকিছে কাজিৰঙা 
গোলাঘাট

প্ৰধানমন্ত্ৰীৰ আগমণৰ পূৰ্বে ন-ৰূপত জিলিকিছে কাজিৰঙা

Asomiya Pratidin

ডিজিটেল সংবাদ কাজিৰঙাঃ অহা ৮ মাৰ্চত কাজিৰঙালৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ পূৰ্বে ন ৰূপেৰে জিলিকাই তুলা হৈছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাক ৷

কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ জানিব পৰা মতে ৮ মাৰ্চত আবেলি কাজিৰঙাৰ কহঁৰাত উপস্থিত হৈ নিশা কহঁৰাস্থিত আৰক্ষী অতিথিশালাত কটাব প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ ৯ মাৰ্চত পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চল দৰ্শন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে বনবিভাগৰ লগতে ৰাজ্য প্ৰশাসন ৷ কহঁৰা বনাঞ্চলত প্ৰধানমন্ত্ৰীৰ বাবে জীপছাফাৰী আৰু হাতী ছাফাৰী দুয়োটাই সাজু কৰা হৈছে ৷

বিগত দুটাকৈ বৰ্ষত দুজনকৈ ৰাষ্ট্ৰপতি, ভূটানৰ ৰজাক আতিথ্য প্ৰদান কৰাৰ পাছত এইবাৰ প্ৰধানমন্ত্ৰীক আতিথ্য দিয়াৰ বাবে সাজু হৈছে উদ্যান কৰ্তৃপক্ষ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ আগমতে কাজিৰঙা পৰ্যটনক অন্য এক মাত্ৰা প্ৰদান কৰিব বুলি আশাবাদী উদ্যান কৰ্তৃপক্ষৰ লগতে প্ৰতিজন কাজিৰঙাবাসী ৷