নৱনিৰ্বাচিত সাংসদ কামাখ্যা প্ৰসাদ তাছাক গোলাঘাটত বিপুল আদৰণি... 
গোলাঘাট

নৱনিৰ্বাচিত সাংসদ কামাখ্যা প্ৰসাদ তাছাক গোলাঘাটত বিপুল আদৰণি...

Asomiya Pratidin

ডিজিটেল সংবাদ গোলাঘাটঃ কাজিৰঙা লোকসভা সমষ্টিৰ বিজয়ী প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক গোলাঘাটত আজি বিপুল আদৰণি জনোৱা হয়। ২০২৪ ৰ লোক সভা নিৰ্বাচনত কাজিৰঙা লোকসভা সমষ্টিৰ পৰা NDA প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অবতীৰ্ণ হৈ আঢ়ৈ লাখৰো অধিক ভোটতৰ ব্যৱধানত জয়ী হোৱা কামাখ্যা প্ৰসাদ তাছাক আজি গোলাঘাট বি জে পি দলৰ জিলা কাৰ্যালয়ত দলীয় কৰ্মকৰ্তাই আদৰণি জনায়।

গোলাঘাট জিলাৰ বি জে পিৰ সভাপতি দেৱপ্ৰদীপ বৰাৰ লগতে কেবিনেট মন্ত্ৰী অজন্তা নেওগ আৰু দলীয় বিষয়ববীয়াৰ উপস্থিতিত সাংসদগৰাকীক আদৰণি জনায়। কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বিধানসভা সমষ্টিৰ সমস্যা সদনত উত্থাপন কৰি সমস্যা সমাধানৰ বাবে আহ্বান জনায়।